বৰঝাৰ বিমানবন্দৰ কর্তৃপক্ষৰ দায়িত্বহীনতা: দীৰ্ঘদিনে বন্ধ হৈ আছে শৌচাগাৰ

IMG 20190411 WA0007 750x430 2

উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র আন্তর্জাতিক বিমানবন্দৰ হিচাপে পৰিগণিত গুৱাহাটী মহানগৰীৰ বৰঝাৰস্থিত লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটোৰ উর্ধতন কর্তৃপক্ষৰ চুড়ান্ত দায়িত্বহীনতাৰ বাবেই বিমানবন্দৰ চৌহদত গঢ়ি উঠিছে এক অস্বাস্থ্যকৰ তথা দৃষ্টিকটু পৰিবেশ। উল্লেখ্য যে আন্তর্জাতিক বিমানবন্দৰ হিচাপে পৰিগণিত বৰঝাৰ বিমানবন্দৰটোৰ জৰিয়তে প্রতিদিনে হেজাৰ – হেজাৰ দেশী বিদেশী বিমানযাত্রী অহা-যােৱা কৰি আছে। কিন্তু অতি দুর্ভাগ্যজনক যে বৰঝাৰ বিমানবন্দৰটোত কৰ্মৰত কৰ্মচাৰীসকলে শৌচালায় আৰু প্ৰস্ৰাৱগাৰৰ অসুবিধাৰ বাবে সম্প্রতি চৰম আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছে।

মাৰাত্মক ক’ভিড-১৯ৰ ভয়াবহতা ক্ৰমাৎ সুস্থিৰ হৈ উঠাৰ পিছত বিগত ২৫ মে’ৰ পৰা বিমান সেৱাৰ চলাচল আৰম্ভ হয়। সম্প্রতি বৰঝাৰ বিমানবন্দৰৰ জৰিয়তে দৈনিক গড় হিচাপত প্রায় সাত – আঠ হেজাৰ বিমানযাত্রীয়ে অহা-যােৱা কৰি আছে। তদুপৰি বিমান যাত্রী অনা-নিয়া কৰা যান-বাহন, যাত্রীক আগবঢ়াই থ’বলৈ যােৱা পৰিয়ালৰ লােককে ধৰি প্রতিদিনে বিমানবন্দৰটোৰ কৰ্তব্যত নিয়ােজিত হৈ থকা কর্মচাৰীকে ধৰি প্রতিদিনে বৰঝাৰ বিমানবন্দৰত অতি কমেও প্রায় ১০ হেজাৰৰাে অধিক লােক সমাগম ঘটে। ইপিনে ক’ভিড কেন্দ্রিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিমান যাত্রী সকলে প্রায় তিনি -চাৰি ঘন্টা আগেয়ে আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়। কিন্তু অতি পৰিতাপৰ কথা যে বৰঝাৰ বিমানবন্দৰত থকা দুটাকৈ ই-টয়লেট সুদীর্ঘ দিন ধৰি বন্ধ হৈ থকাত বিমান যাত্রীকে ধৰি আন কৰ্মচাৰী সকল চৰম দুর্দশাৰ সন্মুখীন হৈ আহিছে।

জানিব পৰা মতে, দীর্ঘদিনীয়া লকডাউনৰ সময়ৰে পৰা বিমানবন্দৰৰ বাহিৰত থকা ই-টয়লেট দুটা বিকল হৈ পৰে।লকডাউনৰ সময়ত বিমানসেৱাৰ চলাচল বন্ধ থকা হেতুকে কোনাে অসুবিধাৰ সৃষ্টি হােৱা নাছিল। সম্প্রতি বিমান সেৱাৰ চলাচল স্বাভাৱিক হৈ উঠাৰ পিছত বৰঝাৰ বিমানবন্দৰ কর্তৃপক্ষই ই-টয়লেট দুটা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনাে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেনেক্ষেত্ৰত তিনি – চাৰি ঘন্টা আগেয়ে বিমানবন্দৰত উপস্থিত হােৱা বিমানযাত্রীকে ধৰি আন লােক তথা কর্মচাৰী সকলে প্রতিদিনে ভীষণ অসুবিধাৰ সন্মুখীন হৈ আহিছে।

তদুপৰি আন একাংশ পুৰুষ বিমান যাত্রীয়ে বিকল ই-টয়লেটৰ কাষতে মুকলি ভাবে প্রস্ৰাৱ কৰা দৃশ্যই বিমানবন্দৰটোৰ স্বাভাৱিক পৰিৱেশ দৃষ্টিকটু কৰি তুলিছে। বিমানবন্দৰ কর্তৃপক্ষৰ এনে দায়িত্বহীন মনােভাৱক বিমানযাত্রী তথা কর্মচাৰীসকলে একেমুখে ধিক্কাৰ দিছে। লগতে বিকল ই-টয়লেট দুটা অচিৰেই কার্যক্ষম কৰি তুলিবলৈ দাবী জনাইছে।

Exit mobile version