শালবাৰী-মথনগুৰিত ভোটদানৰ হাৰ ৮০.৭ শতাংশ

93871b5e 1c9f 4b86 b73c 1bbd58810f1f

শালবাৰী মহকুমাৰ অন্তৰ্গত দুটা পৰিষদীয় সমষ্টি ক্ৰমে ২০ নং মথনগুৰি আৰু ২১ নং শালবাৰী পৰিষদীয় সমষ্টিত শান্তিপূৰ্ণভাৱেই সামৰণি পৰিল বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ ৷ দুয়োটা সমষ্টিৰেই বিভিন্ন ভোটকেন্দ্ৰসমূহত ৰাতিপুৱাৰে পৰাই দেখা গ’ল ভোটাৰৰ দীঘলীয়া শাৰী৷আঘোণমহীয়া পথাৰত শস্য চপোৱাৰ ব্যস্ততাৰ মাজতো নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ যথেষ্ট উৎসাহ-উদ্দীপনাৰে ভোটকেন্দ্ৰসমূহত ভিৰ কৰা দেখা গ’ল সৰ্বস্তৰৰ নাগৰিকক৷

উল্লেখযোগ্য যে শালবাৰী সমষ্টিত ৯৫ টা আৰু মথনগুৰি সমষ্টিত ৭৮ টা ভোটগ্ৰহণ কেন্দ্ৰকে ধৰি মুঠ ১৭৩ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে বেলট বাকচত আবদ্ধ কৰে দুয়োটা সমষ্টিৰে মুঠ ১৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ উল্লেখযোগ্য যে শালবাৰী মহকুমাৰ অন্তৰ্গত ২১ নং শালবাৰী পৰিষদীয় সমষ্টি আৰু ২০ নং মথনগুৰি সমষ্টি মিলি ভোটদানৰ হাৰ আছিল ৮০.০৭ শতাংশ৷ ইফালে ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰো বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰেপৰাই ভোটাৰ ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়৷

Exit mobile version