ৰাইজৰ বাবে জনপ্ৰতিনিধি হৈছো, ৰাইজৰ অভাৱ-সমস্যা দূৰ কৰিমঃ মঙ্গলছিং তিমুং

WhatsApp Image 2020 12 07 at 6.12.16 PM

বিজেপিত ব্যাপক যোগদানৰ ঢৌ পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত। যিমানেই বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই বিজেপিত যোগদান তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে। আজিও তেনে এক বিজেপিৰ যোগদান সভা অনুষ্ঠিত হোৱা পৰিলক্ষিত হ’ল হামৰেণৰ পৰ্বতত। আয়োজিত সভাত কংগ্ৰেছ-এ এছডিচি ৰাজনৈতিক দলৰ মুঠ ৫৩ পৰিয়ালে নিজ নিজ দল ত্যাগ কৰি অনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। উল্লেখযোগ্য যে বিজেপিত যোগদান কৰা পৰিয়ালক কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে উষ্ম আদৰণি জনায়।

সভাত উপস্থিত থকা সকলোকে সম্বোধন কৰি মঙ্গলছিং তিমুঙে কয়, ‘সব কা সাথ, সব কা বিকাশ আৰু সব কা বিশ্বাস’ মন্ত্ৰেৰে মুগ্ধ হৈ কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেন সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ অৰ্থে তথা ৰাইজৰ বাবে জনপ্ৰতিনিধি হৈছো, সেয়েহে ৰাইজৰ স্বাৰ্থ পূৰণ, অভাৱ দূৰ আৰু সমস্যা সমাধান কৰিম, এইয়াই মোৰ প্ৰধান লক্ষ্য ।’ বিৰোধী পক্ষই যিমানেই অভিসন্ধি ৰচনা নকৰক কিয়, যিমানেই বিজেপিক সমালোচনা নকৰক কিয়, সেয়া সম্পূৰ্ণ ভিত্তিহীন তথা মূল্যহীন বুলি উল্লেখ কৰি বিজেপিয়ে সদায় ৰাইজৰ অথবা জনতাৰ প্ৰতি সমদৃষ্টি ৰাখি সমউন্নয়ন কৰি আহিছে বুলি প্ৰকাশ কৰে তিমুঙে।

বিশ্বৰ ভিতৰতে অন্যতম শক্তিশালী দল হিচাপে বিবেচিত হোৱা বিজেপিৰ কৰ্মৰাজি, ৰাইজৰ সমস্যা সমাধানৰ ব্যৱস্থা, অভাৱ পূৰণ, আঁচনি ৰূপায়ন আদি দিশসমূহৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি সমাগত ২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ শেহতীয়াকৈ উপস্থিত ৰাইজক আহ্বান জনায় মঙ্গলছিং তিমুঙে। আনহাতে একেটা দিনতে এছঅপিডি আঁচনিৰ অধীনত ‘লাংমিনছ-নকটেৰাং’ আৰু আৰআইডিএফ আঁচনিৰ অধীনত ‘নকটেৰাং–হামৰেন’ সংযোগী চলিত পথ নিৰ্মাণ কাৰ্য্যৰ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ গুণ, মান আদি পৰ্য্যবেক্ষণও কৰে তিমুঙে।

অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ বিপৰীতে কাৰ্বি পৰিষদৰ বিভাগীয় ব’ৰ্ড অধ্যক্ষ ক্ৰমে ৰঞ্জিত টেৰণ, বিদ্যাছিং টেৰণ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণ মণ্ডল কিষাণ মৰ্চাৰ সভাপতি আৰচঙ ৰংহাং, মহিলা মৰ্চাৰ সভানেত্ৰী কাৱন ইংতিপি, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ’, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, বীৰেন ৰংহা আৰু কে’বা শতাধিক লোক উপস্থিত থাকে।

Exit mobile version