কলগাছিয়াত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

WhatsApp Image 2020 12 08 at 5.50.38 PM

কৃষকৰ ওপৰত জাপি দিব বিচৰা কৃষি বিৰোধি ক’লা আইনৰ বিৰুদ্ধে কে’বাটাও কৃষক সংগঠনে আহ্বান কৰা বন্ধৰ কলগাছিয়াত সৰ্বাত্মক প্ৰভাৱ পৰা দেখা যায়। দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত কৃষক বিৰোধী কৃষি আইন আৰু বিদ্যূৎ বিল বাতিলৰ দাবীত ভাৰত বন্ধৰ সমৰ্থনত কলগাছিয়াৰ কৃষকে পথাৰ এৰি ৰাজপথলৈ ওলাই অহা দেখা গ’ল মঙ্গলবাৰৰ দিনটোত।

কলগাছিয়াত চিপিআইএম, নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিক কমিটি, কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন শ্ৰমিক-কৃষক সংগঠনে ৰাজপথত টায়াৰ জ্বলাই, ভাৰত বন্ধ পালন কৰে। পুৱা পাঁচ বজাৰ পৰা কলগাছিয়া, খৰিচালা, বালাগাওঁ, লাংলা, তিতাপানী, বনঘূগী আদি অঞ্চলত সমগ্ৰ দোকান-পোহাৰ, গাড়ী-মটৰ বন্ধ ৰাখি স্ততস্ফূৰ্ত ভাৱে ৰাইজে বন্ধ পালন কৰা পৰিলক্ষিত হয়।

ইপিনে জনীয়াতো ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক পৰা দেখা যায়। কৃষক বিৰোধী কৃষি আইন আৰু বিদ্যুৎ বিল বাতিলৰ দাবীত আজি জনীয়া তিনি আলি চ’কত জনীয়া মণ্ডল কংগ্ৰেছ আৰু জনীয়া যুৱ কংগ্ৰেছৰ যৌথ উদ্যোগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰা হয়।

জনীয়াতো দোকান-পোহাৰ বন্ধ থকা দেখা যায়। জনীয়া সমষ্টিৰ কাদং, গুইলাজাৰ আদি বিভিন্ন গাওঁ পঞ্চায়ত এলেকাত ভাৰত বন্ধৰ সমৰ্থনত কৃষক ৰাইজে বিক্ষোভ প্ৰদৰ্শণ কৰি কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ধ্বনি দিয়া দেখা যায়।

Exit mobile version