চিৰাঙৰ কাজলগাঁওত বিপিএফৰ বাইক ৰে’লী

aaf67da5 55ed 44b5 b19d ad0a2eb07ed0

আজি চিৰাং জিলাৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ হৈ এখন বাইক‌ ৰে’লী ওলাই । বাইক ৰে’লীত মন্ত্ৰী চন্দন ব্ৰহ্মই অংশগ্ৰহণ কৰে । বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্য‍্যায়ত বিপিএফ দলে ১৭ খন আসন লাভ কৰাৰ কথা হিমন্ত বিশ্ব শৰ্মাই কৈছে যদিও আমি ১৮ খন আসন লাভ কৰিম বুলি দাবী কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। বিটিচিবাসীয়ে হাগ্ৰামা মহিলাৰীক যি দৰে সহাঁৰি জনালে তাৰ বাবে বিটিচিবাসীক ধন‍্যবাদ জনায় মন্ত্ৰী জনে।  মন্ত্ৰী ব্ৰহ্মই কয়, ‘ইউপিপিএল দলৰ কোনো প্ৰভাৱ নাই আৰু বিজেপি দলৰো কোনো প্ৰভাৱ নপৰিল।

ৰাজ‍্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীক বিটিচিবাসীয়ে আৰু বিশ্বাসত নলয় । দৈমাৰী জানিবুজি ডাষ্টবিনত সোমাল। বিপিএফ দলে দুবাৰকৈ সাংসদ বনোৱা দৈমাৰীৰ বিশ্বাস ঘাটকতা সকলোৱে বুজি উঠিছে । হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি গঠন কৰি বিপিএফ দলে উন্নয়ণৰ ধাৰা লৈ কাম কৰি গৈছিল । আজি হিমন্তই যিমান দপদপনি কৰি নিৰ্ব্বাচনি প্ৰচাৰ চলালে তেওঁলোকে ক’ত ক’ত জিকিব তাৰ কোনো সঠিক তথ্য নাই। বিজেপিয়ে জিকিব পৰা কোনো সমষ্টি দৃষ্টিগোচৰ হোৱা নাই । আমি চাৰি লক্ষাধিক লোকৰ সমাগমেৰে শপত গ্ৰহণৰ আয়োজন কৰিছো য’ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব ।’

 

কাজলগাঁও পৰিষদীয় সমষ্টীৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মই কয় যে, ৰাইজৰ বিপুল সহাঁৰি লাভ কৰি তেওঁ জয়ী হ’ব । তেওঁৰ কোনো প্ৰতিদ্বন্দি নাথাকে। বিগত সময়ত ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰীয়ে ৰাইজক প্ৰৱঞ্চনা কৰাৰ বাবেই আজি সকলো লোক বিপিএফয় মুখী হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ উদাংশ্ৰীনি আলাৰি ষ্টেডিয়ামৰ পৰা ওলোৱা বাইক ৰে’লীত মন্ত্ৰী চন্দন ব্ৰহ্মই নিজে মটৰ চাইকেল চলাই ৰৌমাৰী হৈ সমগ্ৰ কাজলগাঁও সমষ্টি ভ্ৰমণ কৰে ।

Exit mobile version