নিজৰ জন্মদিন উদযাপন নকৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনীয়া গান্ধীয়ে

903922 sonia gandhi lead 2

যোৱা ১২ দিনৰ পৰা হৈ থকা প্ৰতিবাদ এতিয়া চৰম পৰ্যায় পাইছে । নতুন কৃষি আইন, কৃষকৰ স্বাৰ্থ বিৰোধী। সেয়ে নতুন কৃষি আইনৰ বাতিলৰ দাবীত হেজাৰ হেজাৰ প্ৰতিবাদী কৃষকৰ দ’লে ইতিমধ্যে দিল্লীৰ সীমান্তত অৱস্থান কৰি আছে।

কেন্দ্ৰীয় চৰকাৰৰ সতে পাঁচবাৰকৈ বৈঠকত মিলিত হৈছিল যদিও বৰ্তমানলৈ সমাধান হোৱা নাই। কংগ্ৰেছৰ লগতে বিজেপি বিৰোধী দলসমূহেও কেন্দ্ৰৰ বিৰোধিতা কৰিছে।

আনহাতে প্ৰতিবাদী দলসমূহৰ লগত থিয় দিবলৈ ন ডিচেম্বৰত নিজ জন্ম দিন পালন নকৰে বুলি মন্তব্য কৰিবকংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ।

ইফালে কৃষকৰ প্ৰতিনিধি দল আৰু কেন্দ্ৰীয় চৰকাৰ ন ডিচেম্বৰত পুনৰ বৈঠকত মিলিত হব।

Exit mobile version