বিটিচিৰ প্রথম পর্যায়ত ওদালগুৰিত ৭৫.৪-বাগসাত ৭৮ শতাংশ ভােটদান

776733 votingnew

বিটিচিৰ প্রথম পর্যায়ৰ নিৰ্বাচনৰ ১৩০ গৰাকী প্রার্থীৰ ভাগ্য বেলট বাকচত বন্দী হ’ল। কে’বা মাহজোৰা কুচ-কাৱাজৰ অন্তত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি শান্তিপূর্ণভাৱে সমাপ্ত হয় বিটিচিৰ প্রথম পর্যায়ৰ ভােটগ্রহণ তাৰ বাবে প্ৰতিটো ভােট কেন্দ্ৰত পুৱাৰে পৰা ভােটদাতাৰ দীঘলীয়া শাৰীৰ সৃষ্টি হয়। ওদালগুৰিত ৭৫.৪ শতাংশ ভােটদান হয়। ইয়াৰ বিপৰীতে বাগসাত ৭৮ শতাংশ ভােটাৰে ভােটদান কৰে। অৱশ্যে দুই-এক কেন্দ্ৰত ভােটাৰ তালিকাত বিসংগতিৰ অভিযােগ উত্থাপিত হয়। এই নির্বাচনত কৰ’নাৰ সকলাে স্বাস্থ্যবিধি পালনৰ নির্দেশ জাৰি কৰা হৈছে; কিন্তু সেয়াও বহু কেন্দ্ৰত ধোঁৱাচাঙত উঠে।

ভােটগ্রহণক লৈ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। তাৰ মাজতে দুই-এক ব্যতিক্রমী পৰিৱেশাে পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে গােৰেশ্বৰৰ এটা কেন্দ্ৰত এজন ভােটাৰে সম্পূর্ণ দৰাৰৰ সাজত ভােট দিবলৈ আহে। অৱশ্যে এইবােৰৰ মাজত উত্থাপিত হয় ৰিগিঙৰ অভিযােগ। ওদালগুৰিৰ পাঁচটা পৰিষদীয় সমষ্টিৰ সকলাে ভােটকেন্দ্রতে ভােটদাতাৰ দীঘলীয়া শাৰী হয়। ভােটগ্রহণৰ পূর্বেই কেন্দ্রসমূহ নির্বীজাণুকৰণ কৰা হয়। প্রতিজন ভােটদাতাৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কেন্দ্ৰবােৰত কৰা হয়। তাৰ মাজতাে কিন্তু ওদালগুৰিৰ চহৰ আৰু গ্রামাঞ্চলৰ বহু ভােট কেন্দ্ৰত দেখা নগ’ল ৰাইজৰ সজাগতা।

ভৈৰৱকুণ্ডৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্রার্থী গােবিন্দ বসুমতাৰীয়ে পুৱা ৭-৩০ বজাত ভােটগ্রহণ আৰম্ভ হােৱাৰ পাছতে ভােটদান কৰে। তেওঁ নিজৰ জয় এশ শতাংশ বুলিও নিশ্চিত কৰে। নিজে প্রার্থীৰূপে থিয় হৈ ব্যতিক্রমী অভিজ্ঞতা লাভ কৰা বুলিও বসুমতাৰীয়ে উল্লেখ কৰে। ইপিনে, কাঁহিবাৰী প্রাথমিক বিদ্যালয়ত স্থাপন কৰা ভােট কেন্দ্ৰত পুৱাতেই ভােটদান কৰে অসম চৰকাৰৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে। ভােটদানৰ পাছত দৈমাৰীয়ে দাবী কৰে যে ওদালগুৰিৰ ১০টা পৰিষদীয় সমষ্টিত। আটাইকেইটাতে বিপিএফৰ প্রার্থী জয় হ’ব। ভােটদান কৰা আন আন প্রার্থীসকলেও নিজৰ জয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰিবলৈ নেৰিলে।

ইপিনে, ভােটগ্রহণক লৈ ওদালগুৰিৰ সংখ্যালঘু ভােটাৰ অধ্যুষিত অঞ্চলৰ ভােট কেন্দ্রসমূহত সৃষ্টি হােৱা মেলা সদৃশ পৰিৱেশ। মিঠাইৰ দোকানৰ পৰা আৰম্ভ কৰি বেলুনলৈকে প্রায় সকলাে সামগ্ৰীৰ বিপণী ভােট কেন্দ্ৰবােৰক কেন্দ্ৰ কৰি অস্থায়ীৰূপত গঢ়ি উঠে।বাগতা সৃষ্টি হয় একেধৰণৰ পৰিৱেশ। প্রায় সকলাে প্ৰাৰ্থীয়ে পুৱা ৭-৩০ বজাৰ পাছতে ভােট দান কৰে।কেন্দ্ৰবােৰতাে পুৱাৰে পৰা ভােটাৰৰ দীঘলীয়া শাৰী লাগে। মুছলপুৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্রার্থী অনচুমৈ খুংগুৰ বড়াে আৰু ইউপিপিএলৰ ৰাকেশ ব্রহ্মাই মুছলপুৰ চৰকাৰী এম ভি স্কুল কেন্দ্ৰত পুৱাতে সপত্নীক উপস্থিত হৈ ভােট দান কৰে । দুয়ােজন প্রার্থীয়ে নিজৰ জয় নিশ্চিত বুলি দাবী কৰে। তেনেদৰে আন আন প্রার্থীয়েও নিজৰ নিজৰ ভােট কেন্দ্রত ভােটাধিকাৰ সাব্যস্ত কৰে।

জিলাখনত শান্তিপূর্ণভাৱে ভােটগ্রহণ সম্পূর্ণ হ’লেও মুছলপুৰ পৰিষদীয় সমষ্টিৰ ৩০ নম্বৰ ভােট কেন্দ্ৰটোত ৪৭ গৰাকী ভােটাৰৰ নামক লৈ বিসংগতিৰ সৃষ্টি হয়। সংশ্লিষ্ট ভােটাৰসকলৰ নাম ভােটাৰ তালিকাত মচি দিয়া হৈছে বুলি দেখুওৱাত তেওঁলােক ভােটদানৰ পৰা বঞ্চিত হয়। সেইসকল ভােটাৰে কেন্দ্ৰটোৰ সন্মুখত ধর্ণা কাৰ্যসূচী ৰূপায়ণৰ উপৰি ভােটগ্রহণ কৰাৰাে চেষ্টা চলায়।

Exit mobile version