ৰাজনীতিৰ পথাৰ এৰি আঘোণৰ ধাননি পথাৰত নামিল বিস্মিতা গগৈ

Screenshot 102

আঘোণৰ পথাৰত কৃষকৰ ভীষণ ব্যস্ততা ৷ ৰাজনীতিৰ পথাৰ এৰি এইবাৰ ধাননি পথাৰত নামিল এগৰাকী কংগ্ৰেছ নেত্ৰী ৷ পথাৰত বিহুনাম গাই ৰবাব টেঙাৰ জুতি লৈ নষ্টালজিক হৈ পৰিল নেত্ৰী গৰাকী ৷ খুমটাইৰ পথাৰত হাতত কাঁচি লৈ কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈ ৷ খুমটাইৰ কচুপথাৰত দাৱনীৰ ৰূপত দেখা গ’ল প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈক ৷

ৰাজনীতিৰ পথাৰত সততে দেখি অহা বিস্মিতা গগৈক হাতত কাঁচি মুখত বিহুনামেৰে এনে এক পৰিৱেশত দেখা গ’ল ধাননি পথাৰত ৷ খুমটাইৰ কচুপথাৰত বহুকেইগৰাকী দাৱনীৰ স’তে ধান দাই নষ্টালজিক হৈ পৰিল প্ৰাক্তন নেত্ৰীগৰাকী ৷ ধান দোৱাৰ মাজতে কলপাতত ৰবাব টেঙাৰ জুতি লৈ বিহুনাম গাই আনন্দ ফূৰ্তি কৰিলে নেত্ৰীগৰাকীয়ে ৷

সৰুকালত দেউতাকৰ লগত পথাৰলৈ গৈ লেচেৰি বুটলাৰ স্মৃতিও ৰোমন্থন কৰিলে বিস্মিতাই ৷ মুঠতে ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই এইদৰে সাধাৰণ ৰাইজক আকৰ্ষণ কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছে ৷

Exit mobile version