আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড সংযুক্ত কৰা প্ৰক্ৰিয়াৰ অন্তিমটো দিন ৩১ ডিচেম্বৰ 

aadhaar card2 22

ডিজিটেল ৰেচন কাৰ্ডৰ স’তে আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ সংযুক্ত কৰাৰ সময়সীমা ধাৰ্য্য কৰিলে কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ে । খাদ্য মন্ত্ৰণালয়ে আগন্তুক ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ সমগ্ৰ ৰেচনিং ডেপুটি ডিৰেক্তৰক সংযুক্ত কৰাৰ কাৰ্য সমাপ্ত কৰাৰ  নিৰ্দেশ দিছে ।

জিলা উপায়ুক্ত আৰু জিলা খাদ্য আৰু অসামৰিক নিয়ন্ত্ৰককো এই নিৰ্দেশনা জাৰি কৰা হৈছে ।  নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰাজ্যৰ সকলোবোৰ ডিজিটেল ৰেচন কাৰ্ড আৰু আধাৰ ও মোবাইল নম্বৰ সংযুক্তিৰ প্ৰক্ৰিয়া সমাপ্ত কৰা ‘কঠিন’ বুলি মত প্ৰকাশ কৰে সূলভ মূল্যৰ বিক্ৰেতাসকলে । ইতিমধ্যে ৰাজ্যত প্ৰায় ছকোটি গ্ৰাহকৰ ৰেচন কাৰ্ডৰ স’তে আধাৰ সংযুক্তিকৰণৰ কাৰ্য সমাপ্ত হৈছে ।

ক’ভিড-১৯ অতিমাৰিৰ বাবে দেশজুৰি লকদাউনৰ ফলত সংযুক্তকৰণৰ প্ৰক্ৰিয়া অনাকাংশিকভাৱে ব্যাহত হৈছে । ৰেচন ব্যৱস্থাত স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ইলেক্ট্ৰনিক পইণ্ট অৱ চেল (ই-পিচি)ৰ ব্যৱস্থা কৰা হৈছে । সেই পৰিপ্ৰেক্ষিততে আধাৰ নম্বৰ ও মোবাইল নম্বৰ সংযুক্তিকৰণৰ ব্যৱস্থা কৰা হৈছে ।

Exit mobile version