এন আৰ চিত ৪৭৯৫জন বিদেশীৰ নাম অন্তর্ভুক্ত

628987 nrc assam 080217 1

(এন আৰ চি)ত সংঘটিত হৈছে ব্যাপক খেলিমেলি। আজি এন আৰ চি সঞ্চালকালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত এনে খেলিমেলি তথা বিসংগতিৰ বহু তথ্য পােহৰলৈ আহে। সেই অনুসৰি এন আৰ চিত নাম অন্তর্ভুক্ত হৈছে ৪,৭৯৫ জন ঘােষিত বিদেশীৰ নাম। তেনেদৰে আন ১,০৩২টা নামতাে ধৰা পৰিছে বিভিন্ন বিসংগতি। ইয়াৰে বহু সংখ্যক হৈছে সন্দেহযুক্ত অর্থাৎ ‘ডি’ ভােটাৰ। আন একাংশৰ বিৰুদ্ধে আকৌ আছে।

বিদেশী সম্পর্কীয় গােচৰ। তদুপৰি অৰিজিনেল ইনহেবিটেড (আই অ’) হিচাপেও এনে বহু লােক অন্তর্ভুক্ত হৈছে যিসকলৰ নাম এন আৰ চিত অন্তর্ভুক্ত হােৱাৰ ক্ষেত্ৰত কোনাে চর্তই পূৰণ নকৰে। ইয়াৰ উদাহৰণ ছমৰীয়াৰ কমেও ৩০ লােকৰ অ’ আই হিচাপে অন্তর্ভুক্ত হােৱা বুলি শপতনামাত উল্লেখ কৰা হৈছে। উল্লেখ্য যে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায় দিয়া নলবাৰীৰ ৰহিমা খাতুন নামৰ এগৰাকী মহিলাৰ নাম চূড়ান্ত এন আৰ চিত অন্তর্ভুক্ত হৈছে।

তাৰ পাছত মহিলাগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। মহিলাগৰাকীয়ে আদালতক আবেদন জনায় যে যিহেতু তেওঁৰ নাম চূড়ান্ত এন আৰ চিত অন্তর্ভুক্ত হৈছে গতিকে তেওঁ বিদেশী হ’বই নােৱাৰে। উক্ত আবেদনৰ ভিত্তিত ন্যায়ালয়ে এন আৰ চি কর্তৃপক্ষৰ পৰা শপতনামা বিচাৰে। আজি এন আৰ চি কর্তৃপক্ষই শপতনামা দাখিল কৰে আৰু তাতেই উক্ত তথ্য সন্নিবিষ্ট কৰে।

Exit mobile version