ডিজিটেল ৰেচন কাৰ্ডৰ স’তে আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ সংযুক্ত কৰাৰ সময়সীমা ধাৰ্য্য কৰিলে কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ে । খাদ্য মন্ত্ৰণালয়ে আগন্তুক ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ সমগ্ৰ ৰেচনিং ডেপুটি ডিৰেক্তৰক সংযুক্ত কৰাৰ কাৰ্য সমাপ্ত কৰাৰ নিৰ্দেশ দিছে ।
জিলা উপায়ুক্ত আৰু জিলা খাদ্য আৰু অসামৰিক নিয়ন্ত্ৰককো এই নিৰ্দেশনা জাৰি কৰা হৈছে । নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰাজ্যৰ সকলোবোৰ ডিজিটেল ৰেচন কাৰ্ড আৰু আধাৰ ও মোবাইল নম্বৰ সংযুক্তিৰ প্ৰক্ৰিয়া সমাপ্ত কৰা ‘কঠিন’ বুলি মত প্ৰকাশ কৰে সূলভ মূল্যৰ বিক্ৰেতাসকলে । ইতিমধ্যে ৰাজ্যত প্ৰায় ছকোটি গ্ৰাহকৰ ৰেচন কাৰ্ডৰ স’তে আধাৰ সংযুক্তিকৰণৰ কাৰ্য সমাপ্ত হৈছে ।
ক’ভিড-১৯ অতিমাৰিৰ বাবে দেশজুৰি লকদাউনৰ ফলত সংযুক্তকৰণৰ প্ৰক্ৰিয়া অনাকাংশিকভাৱে ব্যাহত হৈছে । ৰেচন ব্যৱস্থাত স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ইলেক্ট্ৰনিক পইণ্ট অৱ চেল (ই-পিচি)ৰ ব্যৱস্থা কৰা হৈছে । সেই পৰিপ্ৰেক্ষিততে আধাৰ নম্বৰ ও মোবাইল নম্বৰ সংযুক্তিকৰণৰ ব্যৱস্থা কৰা হৈছে ।