কোন হ’ব প্রথম সভাপতি: চর্চাত গগৈ-ড° ডেকা-ভূঞা-ফুকনৰ নাম

Asom Jatiya Party

সংশােধিত নাগৰিকত্ব আইন বিৰােধী আন্দোলনৰ পটভূমিত সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যৌথ উদ্যোগত গঠিত অসম পৰামর্শদাতা সমিতিৰ প্ৰচেষ্টাত যােৱা ১৪ ছেপ্টেম্বৰত ভূমিষ্ঠ হােৱা বহুচর্চিত অসম জাতীয় পৰিষদৰ পূৰ্ণাংগ সমিতি গঠনক কেন্দ্ৰ কৰি কুচকাৱাজ আৰম্ভ হৈছে।

উল্লেখ্য যে ২০২১ৰ নিৰ্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে অহা ১৬ আৰু ১৭ ডিচেম্বৰত নৱগঠিত দলটোক পূর্ণাংগ ৰূপ দিয়াৰ উদ্দেশ্যে আয়ােজিত ৰাজ্যিক অধিৱেশনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্রান্ততে তৎপৰতা বৃদ্ধি কৰিছে পৰিষদৰ নেতৃত্বই। সমান্তৰালভাৱে দলৰ প্ৰথমজন সভাপতি কোন হ’ব তাকে লৈ উৎসুকতা বৃদ্ধি পাইছে কর্মীসকলৰ মাজত।

জাতীয় পৰিষদৰ বৰ্তমানৰ তিনিজন নেতৃত্ববাহী ক্ৰমে মুখ্য আহ্বায়ক ড°বসন্ত ডেকা, ৰাজ্যিক সমন্বয়কদ্বয় জগদীশ ভূঞা আৰু অদীপ ফুকনৰ সমান্তৰালভাৱে আছুৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নাম সভাপতি পদৰ বাবে চৰ্চিত হৈছে। অৱশ্যে সভাপতিৰ দৌৰত বলিষ্ঠ কণ্ঠৰ অধিকাৰী ছাত্র নেতা লুৰীণজ্যোতিৰ নাম চৰ্চাৰ শীৰ্ষত আছে। তেৱেঁই সভাপতি হােৱাৰ সম্ভাৱনা অধিক বুলি এজেপিৰ শীর্ষ সূত্রই দাবী কৰে।

ইফালে, নতুন আঞ্চলিক দলটোৰ ভেটি শক্তিশালী কৰিবলৈ ব্যাপক হাৰত যােগদান কার্যসূচী অব্যাহত ৰখাৰ সমান্তৰালভাৱে শিৱসাগৰত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক অধিবেশনত এক লাখ লােক সমবেত হ’ব পৰাকৈ সকলাে ব্যৱস্থা আগবঢ়াই নিছে দলটোৰ নেতৃত্বই। ২০২১ৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াব পৰাকৈ দলটোক সকলাে দিশত সাজু কৰি তােলাৰ প্রচেষ্টা অব্যাহত ৰাখিছে নেতৃত্বই। জল্পনা-কল্পনাৰ ওৰ পেলাই ১৭ ডিচেম্বৰত পূর্ণাংগ ৰূপ পাব লগা জাতীয় পৰিষদৰ প্ৰথমখন ৰাজ্যিক সমিতিক লৈয়াে বর্তমানৰ নেতৃত্বৰ মাজত কুচকাৱাজ অব্যাহত আছে।

অৱশ্যে সভাপতিৰ আসনক কেন্দ্ৰ কৰি লুৰীণজ্যোতি গগৈৰ নাম সর্বত্র চর্চিত হলেও তেওঁৰ বয়সক লৈ নেতৃত্বৰ মজিয়াত প্ৰশ্নৰ অৱতাৰণা হােৱা বুলি এক সূত্রই প্রকাশ কৰিছে। প্ৰশ্নৰ অৱতাৰণা হলেও অধিকাংশই গগৈয়ে সভাপতি হােৱাৰ ইংগিত বহন কৰে। উল্লেখ্য যে এজেপিৰ খচৰা সংবিধান অনুসৰি প্রশাসনিক জিলাসমূহে নির্বাচিত কৰি পঠোৱা কার্যনির্বাহক সদস্য আৰু মনােনীত ১৫ জন সদস্যৰে ৰাজ্যিক কার্যনির্বাহক সমিতিখন গঠন হ’ব। এই সমিতিত একোজনকৈ সভাপতি, কার্যকৰী সভাপতি, সাধাৰণ সম্পাদক, বিত্ত সম্পাদক, প্রচাৰ সম্পাদকৰ উপৰি পাঁচজন উপ-সভাপতি, যুটীয়া সম্পাদক, পাঁচজন সম্পাদক, সদস্য আৰু ১৫ জন মনােনীত সদস্য থাকিব।

দুহেজাৰ প্ৰাক্তন আছুৰ নেতা-কর্মীক লৈ যােগদান কৰিব লুৰীণে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে অহা ১৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ’ব লগা অসম জাতীয় পৰিষদৰ ৰাজ্যিক অধিবেশনত দলত যােগদান কৰাৰ পূর্ণ সম্ভাৱনা আছে। গগৈৰ লগতে সদ্য বিদায়ী আছুৰ নেতা-কর্মী, প্রাক্তন নেতাসহ প্রায় দুহেজাৰ ছাত্র নেতাই জাতীয় পৰিষদত যােগদান কৰিব।

উল্লেখ্য যে জাতীয় পৰিষদত যােগদান কৰিবলৈ এজেপিৰ নেতৃত্বই সদ্য প্রাক্তন আছু নেতাজনক আহ্বান জনাই আহিছে আৰু ৰাজ্যিক অধিবেশনত তেওঁ যােগদান কৰাটো প্রায় নিশ্চিত। গগৈৰ ঘনিষ্ঠ সূত্রত প্রকাশ যে যােগদান সন্দৰ্ভত নিশ্চিত হলেই সংবাদমাধ্যমৰ জৰিয়তে ৰাইজক জনাব গগৈয়ে। তেওঁ নতুন ৰাজনৈতিক দলটোত যােগদান কৰাটো নিশ্চিত যদিও এতিয়ালৈকে দিন ঠিক হােৱা নাই। অৱশ্যে ১৭ ডিচেম্বৰত সমবেত ৰাইজৰ সন্মুখত তেওঁ দলত যােগদান কৰাৰ সম্ভাৱনা আছে বুলি কয়।

Exit mobile version