দীৰ্ঘদিন ধৰি বিকল হৈ আছে এখন পানী যোগান আঁচনি

Screenshot 115

দক্ষিণ কামৰূপ জিলাৰ ছয়গাওঁ সমষ্টিৰ কালাতলী পথাৰত আছে এক পানী যোগান আঁচনিৰ অৰ্ধনিৰ্মিত গৃহ এনেদৰে ভূত বাংলাত পৰিণত হৈছে । ২০১৪ত ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল ।

পিছলৈ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে নিজৰ লাভৰ বাবে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰিবলৈ লৈছিল । কিছু অংশ কাম কৰাৰ পিছত ঠিকাদাৰে বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি আঁচনিৰ সকলো টকা সৰকাই নি কাম আধৰুৱা কৰি থৈ যায় বুলি অঞ্চলৰ ৰাইজে অভিযোগ কৰে ।

এই পানী যোগান আঁচনিৰ মুঠ পাঁচ হেজাৰ পৰিয়ালক সামৰি লোৱাকৈ বহু পৰিয়ালে পানী নাপায় বিভিন্ন অচিন ৰোগত আক্ৰান্ত হোৱা বুলি ৰাইজে জানিবলৈ দিয়ে ।

বৰ্তমানৰ বিজেপি চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী   বিভাগৰ মন্ত্ৰীক এই কালাতলী পানী যোগান আঁচনিখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ৰাইজক পানী যোগান ধৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ।

Exit mobile version