ৰুচ্ছ বিজ্ঞানীৰ জৈৱাস্ত্রই ধ্বংস কৰিব পৃথিৱী!

nostradamus 33 202012194238 202012137948

কৰ’না ভাইৰাছে প্রায় সমগ্র বছৰটোতে বিশ্ববাসীৰ বাবে ভয়াৱহ। পৰিস্থিতিৰ সৃষ্টি কৰিলে। এই ভাইৰাছে বিশ্বব্যাপী এনে ধ্বংসকার্য চলালে যে মানৱ জাতিৰ সামাজিক আৰু ব্যক্তিগত জীৱন শৈলীয়েই সলনি কৰি পেলালে। প্রাণ হেৰুৱালে কে’বা লাখ লােকে। কিন্তু ইয়াতেই হয়তাে পৰিত্ৰাণ নাপাব পৃথিৱীয়ে। কিয়নাে আগন্তুক বছৰটো মানুহ তথা সমগ্র বিশ্বৰ বাবেই হ’ব পাৰে আৰু ভয়ংকৰ। এনে এক ভয়ংকৰ বিপদৰ ভৱিষ্যদ্বাণীয়েই প্রায় পাঁচশ বছৰৰ পূর্বে কৰি থৈ গৈছিল ফৰাচী জ্যোতিষী নস্ত্রাদামুছে।

কিংবদন্তিত পৰিগণিত হােৱা ফৰাচী জ্যোতিষীজনৰ ভৱিষ্যদ্বাণীয়ে বিশ্ববাসীক এতিয়াও আকর্ষিত কৰে। ১৫৫৫ত নষ্ট্রাদামুছে মুঠ ৯৪২টা ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ অধিকাংশই ইতিমধ্যে সত্যত পৰিণত হােৱা বুলি দাবী কৰা হয়। অৱশ্যে নস্ত্রাদামুছে বিভিন্ন চিহ্ন বা ইংগিত আৰু এক বিশেষ ভাষাত ভৱিষ্যদ্বাণীসমূহ কৰিছিল। তেওঁৰ এই ভাষা আৰু ইয়াৰ ইংগিতক কেন্দ্ৰ কৰি আজিও বিতর্ক অব্যাহত আছে।সম্প্রতি সামাজিক মাধ্যমত নস্ত্রাদামুছৰ এক ভৱিষ্যদ্বাণীয়ে বিশেষ চর্চা লাভ কৰিছে। সামাজিক মাধ্যমত চর্চা হৈছে।

যে ষষ্ঠদশ শতিকাতে নষ্ট্রাদামুছে ২০২০ত বিশ্বজুৰি মহামাৰীৰ সৃষ্টি হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল।সেই ভৱিষ্যদ্বাণীক ইতিমধ্যেই সত্যত পৰিণত কৰিলে কৰ’না ভাইৰাছে। কিন্তু ২০২১ৰ বাবে নস্ত্রাদামুছৰ ভৱিষ্যদ্বাণী হেনাে আছিল আৰু ভয়ংকৰ। সামাজিক মাধ্যমত বহুতে দাবী কৰিছে যে ২০২১ৰ বাবে নস্ত্রাদামুছৰ ভৱিষ্যদ্বাণী আছিল যে ৰাছিয়াৰ এজন জৈৱ বিজ্ঞানীয়ে এনে এবিধ জৈৱাস্ত্র নির্মাণ কৰিব, যি সমগ্র পৃথিৱীৰ মানুহকে ধ্বংস কৰিব।

উল্লেখ্য যে বিজ্ঞানী মহলৰ একাংশই দাবী কৰি আহিছে, পৃথিৱী ধ্বংসৰ পূর্বে সঘনাই প্রাকৃতিক বিপর্যয়,দুর্ভিক্ষ, মহামাৰী, ভূমিকম্প আদিয়ে মানৱ জাতিৰ শ্বাস বন্ধ হােৱাৰ দৰে অৱস্থাৰ সৃষ্টি কৰিব। কৰ’না অতিমাৰীৰ পাছতাে পৃথিৱীত ভয়ানক খাদ্য সংকট হ’ব পাৰে বুলিও কোনাে কোনাে মহলে আশংকা কৰিছে। মন কৰিবলগীয়া যে সমগ্র বিশ্ব সম্প্রতি ৫০ শতাংশ লােকে বসবাস কৰে সাগৰৰ উপকূলৱর্তী অঞ্চলত।

এতিয়া যি হাৰত গােলকীয় উষ্ণতা বৃদ্ধি পাইছে, তাৰ ফলত সমুদ্রৰ জলস্তৰ প্রতিদিনেই বৃদ্ধি পাইছে। ফলত কোনােবা সময়ত উপকূলৱর্তী অঞ্চল সাগৰৰ পানীৰ তলত ডুব যােৱাও অসম্ভৱ একো নহয় বুলি একাংশ পৰিৱেশবিদে ধাৰণা কৰে। উল্লেখ্য যে ফৰাচী জ্যোতিষী নস্ত্রাদামুছে দ্বিতীয় বিশ্বযুদ্ধ, হিটলাৰৰ উত্থান,কমিউনিজমৰ পতন, আমেৰিকান ৰাষ্ট্ৰপতিৰ হত্যা, ইজৰাইল ৰাষ্ট্র গঠনৰ দৰে ঘটনাৰে ভৱিষ্যদ্বাণী কৰিছিল।

Exit mobile version