বটদ্ৰৱা সমষ্টিত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে

WhatsApp Image 2020 12 11 at 7.09.36 PM

তিৱা জাতিৰ স্বাধিকাৰ সুৰক্ষা আৰু সৰ্বাঙ্গীন বিকাশৰ লক্ষ্যৰে গঠিত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা নিৰ্বাচনী প্ৰচাৰ এতিয়া তুংগত উঠা পৰিলক্ষিত হৈছে। বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত ১৮ নং চাৰিপুনীয়া চাবুকধৰা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী মদন দেউৰীৰ হৈ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই সমষ্টিটোৰ চাবুকধৰা ৰাস মন্দিৰত তিৱা জাতীয় সাজ পৰিধান কৰি ঢোলে দগৰে নাচি বাগি গান গাই তিৱা পৰিষদীয় নিৰ্বাচনত পদুম ফুলৰ ছৱিত ভোট দিবলৈ অনুৰোধ জনায়।

দলংঘাট মণ্ডল বিজেপিৰ সভাপতি যোগেশ্বৰ হাজৰিকাৰ সভাপতিত্বত আজি বিয়লি অনুষ্ঠিত এখন নিৰ্বাচনী সভাত চাবুকধৰা -চাৰিপুণীয়া সমষ্টিৰ বিভিন্ন গাওঁৰ প্ৰায় ৭০ জনৰো অধিক লোকে বিজেপিত যোগদান কৰে।

চাবুকধৰা চাৰিপুণীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী মদন দেউৰীক লগত লৈ কে’বা সহস্ৰাধিক ৰাইজৰ মাজত তিৱা জনগোষ্ঠীয় লোকনৃত্য পৰিৱেশন কৰি আনন্দ উল্লাসৰ মাজেৰে বিধায়িকা আঙুৰলতাই নিৰ্বাচনী প্ৰচাৰত এক নতুন মাত্ৰা প্ৰদান কৰে ।

Exit mobile version