বঢ়মপুৰ মাজপোটনিৰ  ছয় জন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

IMG 20201211 WA0007

নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী মাজপোটনিত ছয়জন উদীয়মান যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। পৰিৱেশ সুন্দৰ কৰি ৰখাৰ সংকল্পৰে মাজপোটনিৰ বিকাশ শইকীয়া নামৰ যুৱকজনে একেগাঁৱৰে উজ্জ্বল বৰা , অশোক বৰা, ৰাজামনি বৰা, বিকি বৰা আৰু বিকাশ বৰাৰ সহযোগত মুকাভিনয়ৰে হাস্যৰসৰ সৃষ্টি কৰা বিশ্ববিখ্যাত চাৰ্লি চ্যাপলিনৰ বিশাল ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

মাত্ৰ দুদিনীয়া প্ৰচেষ্টাৰ অন্তত আজি জীৱন্ত ৰূপ পাইছে চাৰ্লি চ্যাপলিনৰ স’তে  “হাঁহি মেইন” বাক্যৰে অঁকা এই বিশাল প্ৰতিচ্ছবিখনে। বঢ়মপুৰৰ মাজপোটনিৰ আমতল তিনিআলিৰ এখন  ডেকাচাংৰ কাষতে লাগি থকা আমগছ এজোপাত  যুৱককেইজনে  নিজা খৰছেৰে, দিনে নিশাই কৰা বহু কষ্টৰ অন্তত চাৰ্লি চ্যাপলিনৰ বৃহৎ চিত্ৰ অংকন কৰি নগাঁও জিলাখনৰ বহুজনৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

আনহাতে এই স্থানেৰে অহা যোৱা কৰা বিভিন্ন জনে এই ছবিখনত ফটো উঠিবলৈও ভিৰ কৰা পৰিলক্ষিত হৈছে। । যুৱককেইজনে নিজৰ গাঁৱৰ এক সুন্দৰ পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত মানুহৰ মাজত অন্তৰংগতা আৰু বন্ধুৰ মাজত থকা সম্পৰ্ক জীপাল কৰি ৰখাৰ  লগতে গছজোপাত থকা ছবিখন দেখিলেই মানুহৰ দুখ-বেদনাবোৰ শাম কাটিবলৈকে বিশ্বখ্যাত হাস্যৰসিক অভিনেতাজনৰ  ছবি আঁকি জনজাগৰণৰ প্ৰয়াস কৰা উদীয়মান যুৱক কেইজনৰ পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।

উল্লেখ্য যে, যুৱককেইজনে গছজোপাৰ কোনো ক্ষতি নকৰাকৈ চূণ আৰু বিভিন্ন ৰং-তুলিকাৰে ছবিখন আঁকিছে বুলি জানিবলৈ দিছে ।

Exit mobile version