হামৰেণত বিৰোধী ৰাজনৈতিক দলৰ শক্তি শেষ হ’ব ধৰিছেঃ মঙ্গলছিং তিমুং

WhatsApp Image 2020 12 11 at 7.07.56 PM

সদ্য অনুষ্ঠিত বিটিচি নিৰ্বাচনৰ পাছতেই কাৰ্বি আংলঙৰ হামৰেণত দিখিবলৈ পোৱা গৈছে বিজেপিৰ ব্যাপক তৎপৰতা। কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ নেতৃত্বাধীন পৰিষদীয় হামৰেণ সমষ্টিত আয়োজন কৰিছে বিজেপিয়ে ইখনৰ পিছত সিখন ৰাজহুৱা মুকলি সভা। উল্লেখযোগ্য যে উক্ত উল্লেখিত সমষ্টিটোত আয়োজিত সভাৰ মজিয়াত চলিছে বিজেপিত যোগদানৰ কাৰ্যসূচীও।

আজিও হামৰেণ সমষ্টিৰ কলঙাৰ মৌজাদাৰ গাওঁত অনুষ্ঠিত হোৱা বিজেপিৰ এখন ৰাজহুৱা সভাত সাত পৰিয়ালে কংগ্ৰেছ আৰু এএছডিচি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা পৰিলক্ষিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে ৰাইজক উদ্দেশ্যি কয়, ‘হামৰেণত বিৰোধী ৰাজনৈতিক দলৰ শক্তি শেষ হ’ব ধৰিছে।’

  

বিগত এসপ্তাহৰ ভিতৰত সমষ্টিটোত প্ৰায় তিনি শতাধিক পৰিয়ালে ইতিমধ্যে বিৰোধী দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে অৰ্থাৎ বিজেপিয়ে কৰা উন্নয়নক দেখি ৰাইজে বিজেপিক আঁকোৱালি লৈছে বুলি মন্তৱ্য কৰে মঙ্গলছিং তিমুঙে। এনেদৰে হোৱা যোগদানেই বিৰোধীৰ শক্তি শেষ হ’ব ধৰাৰ বিপৰীতে বিজেপি আৰু অধিক শক্তিশালী হৈ উঠা প্ৰতিপন্ন কৰিছে বুলিও প্ৰকাশ কৰে তিমুঙে।

আয়োজিত সভাত কাৰ্যবাহী সদস্য তিমুঙৰ বিপৰীতে কাৰ্বি পৰিষদৰ বিভাগীয় ব’ৰ্ড অধ্যক্ষ ৰঞ্জিত টেৰণ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ’, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, বীৰেন ৰংহা আৰু কে’বা শতাধিক পুৰুষ-মহিলা উপস্থিত থাকে।

Exit mobile version