গুগোলত ‘ঝুল মিনিষ্টাৰ’ নামে খ্যাত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

biplab deb pti

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ অৰ্থাৎ ঝুল মিনিষ্টাৰ । এতিয়া ছচিয়েল মিডিয়াত দ্রুত গতিত ভাইৰেল হৈছে এটা বিশেষ ভিডিও । ভিডিওটোত এটা পৰিয়ালৰ ঘৰত মাটিত বহি ভাত খাই আছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । আৰু খাই থকাৰ অৱস্থাতে গৃহস্থক ঝুল বিচাৰিছে মন্ত্ৰীগৰাকীয়ে ।এই ভিডিও টোয়ে এতিয়া সকলোৰে হাঁহিৰ খোৰাক সৃষ্টি কৰিছে। এই ভিডিওৰ বাবে এতিয়া গুগোলত ‘ ঝুল মিনিষ্টাৰ’ বুলি বিচাৰিলে আহে বিপ্লৱ কুমাৰ দেৱৰ কথা। এনে ধৰণৰ কথা কিছুমানৰ হাঁহিৰ পাত্ৰ যদিও এই কথাই ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ মুখ্যমন্ত্ৰী পদৰ গৰিমা নষ্ট কৰিছে বুলি একাংশৰ ধাৰণা

Exit mobile version