বিটিচিত বিজেপি,UPPL আৰু GSP মিত্ৰজোঁটৰ চৰকাৰ গঠন হব

RANJ

যোৱাকালি ঘোষিত বিটিচি নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। এখন প্ৰেছ বিজ্ঞপ্তিত সভাপতি ৰঞ্জিত দাসে এই জয় ৰাইজৰ জয়,এই জয় কাৰ্যকর্তা সকলৰ জয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিটিচিবাসী ৰাইজৰ অফুৰন্ত মৰম আৰু কাৰ্যকর্তা সকলৰ অক্লান্ত পৰিশ্ৰমৰ বাবেই এই বিজয় সম্ভৱ হল।

সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা,বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া,বিটিচি নিৰ্বাচনৰ প্ৰভাৰীৰ দায়িত্বত থকা মন্ত্ৰী ভৱেশ কলিতাকে আদি কৰি এই নিৰ্বাচনৰ দায়িত্বত থকা সকলো মন্ত্ৰী, সাংসদ, বিধায়কৰ লগতে দলীয় কাৰ্যকর্তাকসকলৰ সহায় সহযোগিতাৰ বাবে তেওঁ সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে তেওঁ কয় যে,বিটিচি অঞ্চলৰ ৩৫ লাখ জনসাধাৰনে দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত বিচৰাধৰণে পৰিৱৰ্তন পাইছে। পৰিৱৰ্তন আৰু উন্নয়নৰ স্বাৰ্থত বিটিচিবাসীৰ জনাদেশ শিৰত লৈ আগন্তুক দিনত প্ৰকৃতাৰ্থত বিকাশ আৰু উন্নয়নৰ নতুন দিগন্তৰ সূচনা হব বুলি সভাপতি গৰাকীয়ে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, সততা আৰু নিষ্ঠা সহকাৰে ৰাইজক সেৱা আগবঢ়োৱাৰ বাবে বিটিচিত ইউপিপিএল বিজেপি আৰু জিএছপি মিত্ৰজোটৰ চৰকাৰ গঠন কৰা হব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তত্বাৱধানত তিনিওটা দলৰ মাজত হোৱা আলোচনা মৰ্মে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক নতুনকৈ শপত গ্ৰহণ কৰিবলগীয়া চৰকাৰ খনৰ নেতা হিচাপে মনোনীত কৰা হয়।

Exit mobile version