৪৪৭ বৰ্ষত ভৰি দিয়া পশ্চিম গুৱাহাটীৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ সত্ৰৰ দুৰৱস্থা

671a0e29 d3fa 4b9e 9280 930e4f8cb7be

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শতিকা পুৰণি ধৰ্মানুষ্ঠান আৰু সত্ৰ সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু তেনে সময়তে খোদ মহানগৰী গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ তাতিবামা ৰাজহ গাওঁৰ বৰ হেৰামদৈ নোৱাপাৰাৰ ৪৪৭ বৰ্ষত ভৰি দিয়া ঐতিহাসিক শ্ৰী শ্ৰী ৰামচন্দ্ৰ সত্ৰ খন আৰ্থিক দুৰাৱস্থাৰ বাবে জহি-খহি যোৱাৰ উপক্ৰম হোৱাত সচেতন ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে ।

এই সন্দৰ্ভত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি হৰি মহন্তই ,জানিবলৈ দিয়া মতে ১৫৭৩ চনত মহাপুৰুষ মাধৱদেৱে সমীপৰ বৰ হেৰামদৈ সত্ৰ স্থাপন কৰি যোৱাৰ সময়ত শ্ৰী শ্ৰী ৰামচন্দ্ৰ সত্ৰ স্থাপন কৰিবলৈ আজ্ঞা কৰিছিল। সেই আজ্ঞা অনুসৰি শ্ৰী শ্ৰী ৰামচন্দ্ৰ সত্ৰ স্থাপন কৰা হৈছিল । লোক বিশ্বাস অনুসৰি লংকাৰ ৰজা ৰাৱনে সীতাক হৰণ কৰি নিয়াৰ সময়ত জঁটায়ু পক্ষীয়ে বাধা দিয়াত ৰাবনে জঁটায়ু পক্ষীৰ পাখি দুখন কাটি দিয়াত তাত পৰি যায় । তেতিয়া জঁটায়ু পক্ষীয়ে কেইবাবাৰো প্ৰভু শ্ৰী ৰাম বুলি কৈ চিঞৰে আৰু প্ৰাণত্যাগ কৰে।

সেই স্থানত মহাপুৰুষ মাধৱদেৱৰ আজ্ঞা অনুসৰি এটা দৌল, তাৰ পৰা ২০০ মিটাৰ নিলগত বৰ হেৰামদৈ সত্ৰ আৰু ৫০ মিটাৰ নিলগত ৰামচন্দ্ৰ সত্ৰ স্থাপন কৰা হয় । লক্ষ্যনীয় ভাবে সত্ৰসহ চৌহদত প্ৰায় ডেৰ বিঘা আৰু ওচৰতে সত্ৰৰ নামত প্ৰায় তিনি বিঘা মান মাটি আছে । এটা সময়ত ওচৰতে থকা বৰ হেৰামদৈ সত্ৰৰ সৈতে ৰামচন্দ্ৰ সত্ৰৰ প্ৰায় ৫০ বিঘাৰো অধিক খেতিৰ মাটি আছিল। কালক্ৰমত সেই মাটিত স্থানীয় লোকসকলে কৃষি কার্য কৰে আৰু তেওঁলোকৰ বহুতেই দুয়োখন সত্ৰৰ সৈতে জড়িত হৈ আছে। ইফালে ওচৰতে থকা বৰ হেৰামদৈ সত্ৰখনে আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিছে আৰু তাক সকলেও আদৰণি জনাইছে ।

কিন্তু একে সময়তে ৪৪৭ বৰ্ষত ভৰি দিয়া আৰু মহাপুৰুষ মাধৱদেৱৰ আজ্ঞা অনুসৰি স্থাপন হোৱা শ্ৰী শ্ৰী ৰামচন্দ্ৰ সত্ৰখনে চৰকাৰৰ আৰ্থিক সাহায্যৰ পৰা বঞ্চিত হৈ থকা বিষয়টোত সচেতন ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে । যাৰবাবে মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজড়িত সত্ৰখন ৰক্ষাৰ বাবে সত্ৰ পৰিচালনা সমিতিৰ উপৰিও অঞ্চলটোৰ সকলো সচেতন ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, সাংসদ আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক গৰাকীৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰিছে । উল্লেখযোগ্য যে সত্ৰত ইতিহাসে ঢুকি পোৱা কালৰে পৰা উক্ত সত্ৰত মহাপুৰুষ দুজনাৰ তিৰোভাব তিথি , আবিৰ্ভাৱ তিথি আদি পালন কৰাৰ লগতে সত্ৰৰ ভক্ত সকলে অভাৱ অনাটনৰ মাজতো নাম-প্ৰসংগ আদি অনুষ্ঠিত কৰি আহিছে ।

Exit mobile version