কৃষকক পিজ্জা বিতৰণক লৈ কৰা সমালোচনাক নিন্দা দিলজিৎ দ’ছানঝৰ

WhatsApp Image 2020 12 14 at 2.17.14 PM

দিল্লী সীমান্তত যোৱা সপ্তাহত প্ৰতিবাদ কৰি থকা প্ৰতিবাদীসকলৰ মাজত পিজ্জা বিতৰণক সমালোচনা কৰা সকলক নিন্দা কৰিছে অভিনেতা-গায়ক দিলজিৎ দ’ছানঝে ।

বৃহত্তম কৃষকসকলৰ আন্দোলনক সমৰ্থন কৰি অহা ‘ওড়তা পঞ্জাৱৰ’ অভিনেতাই আজি এখন ফটো টুইট কৰে য’ত লিখা আছিল, ‘কৃষকসকলে বিষ খোৱাটো কেতিয়াও উদ্বেগৰ বিষয় নাছিল, কিন্তু কৃষকসকলে পিজ্জা খাইছে সেইটো চৰ্চাৰ বিষয় হৈ পৰিছে ।’

যোৱা সপ্তাহত চৰকাৰৰ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে দিল্লী-হাৰিয়ানা ছিংঘু সীমান্তত শিবিৰ কৰি থকা প্ৰতিবাদীসকলক পিজ্জা বিতৰণ কৰা হৈছিল ।

ছানবিৰ সিং সন্ধুৱে তেওঁৰ চাৰি বন্ধুৰ স’তে ভোজৰ আয়োজন কৰিছিল । তেওঁ কয়, ‘যি কৃষকসকলে পিজ্জাৰ বাবে ময়দা দিয়ে, তেওঁলোকেও নিজৰ বাবে ৰাখিব পাৰে ।’

বহুসংখ্যক লোকে এই পদক্ষেপৰ প্ৰশংসা কৰাৰ লগতে ছ’চিয়েল মিডিয়াত বহুতে ইয়াৰ সমালোচনাও কৰিছে ‘প্ৰতিবাদ হাইজেক’ কৰা হৈছে বুলি ।

 

Exit mobile version