ন্যূনতম সমৰ্থিত মূল্যৰ বিষয়ে ভুল ধাৰণা হৈছে কেন্দ্ৰৰঃ দাবী কৃষক নেতাৰ

Farmers 40

সমগ্ৰ দেশতে প্ৰতিবাদৰ উত্তাপ বৃদ্ধি পাইছে নতুন কৃষি বিৰোধী আইন প্ৰত্যাহাৰৰ । ভাৰতীয় কিষান ইউনিয়ন (বি কে ইউ)ৰ নেতা ৰাকেশ টিকাইতৰ নেতৃত্বত দিল্লী-উত্তৰপ্ৰদেশৰ সীমান্তৰ গাজীপুৰত আজি পুৱা আঠ বজাৰ পৰাই অনশনত বহিছে কৃষকসকল‌ ।

আনহাতে, ৰাজস্থান-হাৰিয়ানা সীমান্তটো কৃষি আইনৰ প্ৰতিবাদত অনশন কৰিছে কৃষকসকলে । ৰাজস্থান-হাৰিয়ানা সীমান্ত বন্ধ কৰি দিছে দিল্লী পুলিচে যাতে কৃষকসকল দিল্লীৰ ভিতৰত সোমাব নোৱাৰে । সেয়েহে জয়সিংপুৰ-খেড়া সীমান্ততে অনশনত বহিছে কৃষকসকলে ।

বি কে ইউৰ সাধাৰণ‌ সম্পাদক হৰিন্দৰ সিং লাখোয়ালে কয়, ‘চৰকাৰক জগাই দিয়াৰ চেষ্টা কৰিছো আমি । আমাৰ ৪০ জন কৃষক নেতা দেশৰ সকলো সীমান্ততে পুৱা আঠ বজাৰ পৰাই অনশনত বহিছে । সন্ধিয়া পাঁচ বজালৈ অনশন অব্যাহত থাকিব ।’ এই আন্দোলন বিফলে যাবলৈ নিদিয়ে বুলিও হুংকাৰ দিয়ে তেওঁ ।

আনহাতে, কৃষি আইনত কেন্দ্ৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বি কে ইউৰ কৃষক নেতা গুৰনাম সিং চাদুনিয়ে । তেওঁৰ অভিযোগ, ‘চৰকাৰে ন্যূনতম সহায়ক মূল্য (এম এছ পি)ক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে । কিছু সংখ্যক দলে এই প্ৰতিবাদী কাৰ্যসূচী ভংগ কৰিছে । তেওঁলোকে চৰকাৰৰ এই আইনক সমৰ্থন জনাইছে । এই দলবোৰক কামত লগাই আমাৰ আন্দোলন ভংগ কৰাৰ চেষ্টা কৰিছে চৰকাৰে ।’

পঞ্জাৱৰ অল ইণ্ডিয়া কিমান সভাৰ কাৰ্যকৰী সভাপতি বলকৰণ সিং ব্ৰাৰে অনশন কাৰ্যসূচী সন্দৰ্ভত কয়, ‘আমাৰ দাবী পূৰণ কৰিব বিচাৰা নাই কেন্দ্ৰই । তেওঁলোক নিজ স্থিতিতেই অটল । সেয়ে চৰকাৰক এইটো বুজাবলৈ চেষ্টা কৰা হৈছে যে কৃষকসকল এই বিষয়ত শান্ত হৈ বহি নাথাকে । যিমান দূৰ যাবলগীয়া হয় যাব । সেয়ে এই অনশন কাৰ্যসূচীৰ মাধ্যমেৰে চৰকাৰক জাগ্ৰত কৰাৰ চেষ্টা কৰা হৈছে ।’

দেওবাৰেই দিল্লীৰ মুখ্যমন্ত্ৰীয়ে জনায় দিছিল যে কৃষকসকলৰ সমৰ্থনত তেঁৱো অনশনত যোগ দিব । সেয়েহে আজি পুৱাৰ পৰাই আম আদমি পাৰ্টিৰ নেতাসকলে অনশন আৰম্ভ কৰি দিছে । কেজৰিৱালৰ এই সমৰ্থনক কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেৰকৰে ‘বিশ্বাসঘাটক’ বুলি আক্ৰমণ কৰিছে ।

Exit mobile version