ৱাশ্বিংটনত মূর্তিতে ফাঁচি দিয়া হ’ল প্রধানমন্ত্রী মােদীৰ ফটোক

943071 mahatma gandhi statue

আমেৰিকাত থকা মহাত্মা গান্ধীৰ প্রতিমূর্তি এটা প্রতিবাদকাৰীয়ে ভঙাৰ অভিযােগ উঠিছে। ভাৰতত চলি থকা কৃষক আন্দোলনৰ সমৰ্থনত একাংশ প্রবাসী ভাৰতীয়ই ৱাশ্বিংটন ডিচিত থকা ভাৰতীয় দূতাবাসৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰাৰ সময়তে কালি এই ঘটনা সংঘটিত হয়।খালিস্তানৰ সমৰ্থকে এই দুষ্কার্য সংঘটিত কৰাৰ অভিযােগ উত্থাপন কৰি ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা এই ঘটনাক নিন্দা কৰিছে।

ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা এক বিবৃতিত জনােৱা হৈছে যে শনিবাৰে দূতাবাসৰ সন্মুখত প্ৰৱল বিক্ষোভ আৰম্ভ হয়। তাৰ পাছতে তাণ্ডৱ চলায় প্রতিবাদকাৰীসকলে। চৰকাৰীভাৱে দূতাবাসৰ তৰফৰ পৰা কোৱা হৈছে, ১২ ডিচেম্বৰত খালিস্তানী সমর্থকসকলে গান্ধী মেম’ৰিয়েল প্লাজাৰ সন্মুখত গান্ধী মূৰ্তিত ভঙা-ছিঙা কৰে। দূতাবাসে কঠোৰ ভাষাৰে এই ঘটনাক গৰিহণা দিছে। সমগ্র বিশ্বতে শান্তি আৰু ন্যায় বিচাৰৰ প্ৰতীকৰূপে সন্মানিত মহাত্মা গান্ধীৰ মূর্তি ভঙাৰ ঘটনাত খালিস্তানী সমর্থকসকল জড়িত আছিল বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে গ্রেটাৰ ৱাশ্বিংটন ডিচি অঞ্চল, মেৰীলেণ্ড আৰু ভার্জিনিয়াৰ উপৰি নিউ য়র্ক, নিউ জাৰ্জী, পেনছিলভেনীয়া, ইণ্ডিয়ানা, অহায়’ আৰু নর্থ কেৰ’লিনা ৰাজ্যতাে কালি বহু সংখ্যক প্রবাসী শিখে কৃষক আন্দোলনৰ সমৰ্থনত প্রতিবাদী কার্যসূচী পালন কৰে। গাড়ী ৰেলীৰে আগবাঢ়ি গৈ সকলােৱে ভাৰতীয় দূতাবাসৰ সন্মুখত উপস্থিত হয় বিক্ষোভ প্রদর্শন কৰে।

কিন্তু তেওঁলােকৰ শান্তিপূর্ণ প্রতিবাদক নিজৰ দখললৈ নি একাংশ বিচ্ছিন্নতাবাদী শিখ লােকে খালিস্তানী পতাকা তথা ভাৰত-বিৰােধী প’ষ্টাৰ-বেনাৰ আদিৰে সমগ্র প্রতিবাদকে ভিন্ন দিশলৈ লৈ যায়। এইসকল লােকৰ বেনাৰ-প’ষ্টাৰত লিখা আছিল যে তেওঁলােকে খালিস্তান গণৰাজ্যক প্রতিনিধিত্ব কৰে। ইয়াৰ পাছতে খালিস্তানৰ সমর্থকসকলে গান্ধী প্রতিমূর্তিটো এখন হালধীয়া পতাকাৰে ঢাকি পেলােৱাৰ লগতে মূর্তিৰ মূৰ আৰু মুখৰ ক্ষতিসাধন কৰাৰ অভিযােগ উঠিছে।

প্রতিবাদকাৰীয়ে লগতে মূর্তি।হাতত প্লে-কার্ড লগাই দিয়ে। ইয়াতে ক্ষান্ত নাথাকি প্রতিবাদকাৰীসকলে মূর্তি ডিঙিত তাঁৰেৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ ফটো আঁৰি দি তেওঁক প্রতীকী ফাঁচি দিয়ে। উল্লেখ্য যে ভাৰতীয় দূতাবাসৰ সন্মুখত গান্ধীৰ প্ৰতিমূৰ্তিটো ২০০০ত তদানীন্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে উন্মােচন কৰিছিল।

Exit mobile version