কৰ’না কালৰ বিবাহ : অতিথিৰ ঘৰলৈ খাদ্য প্ৰেৰণ কৰিলে দৰাৰ পিতৃয়ে

61740179

বিয়াঘৰ মানেই খােৱা-লােৱাৰ বৃহৎ অভ্যর্থনা; কিন্তু কৰ’না সংক্ৰমণৰ বাবে বহু বিবাহ স্থগিত ৰাখিবলগীয়া হৈছে। চূড়ান্ত কৰা দিন পিছুৱাই দিবলগীয়া অৱস্থাৰাে সৃষ্টি হৈছে। কোনােৱে আকৌ আমন্ত্রিতৰ তালিকাতাে কটা-কটি কৰিবলগীয়া হৈছে। কিন্তু সকলােকে অবাক কৰিছে চেন্নাইৰ এজন লােকে। এতিয়ালৈ কোনেও নভবা এক কাম কৰি দেখুৱালে চেন্নাইস্থিত এই লােকজনে।

লােকজনে পুত্ৰৰ বিয়াৰ বাবে সাতশজন অতিথিক আমন্ত্রণ জনাবলৈ স্থিৰ কৰিছিল। এতিয়া এই অতিথিসকলৰ সকলােৰে ঘৰে ঘৰে খাদ্য ‘হােম ডেলিভাৰি কৰি দিছে দৰা পিতৃয়ে। হােম ডেলিভাৰি কৰা খাদ্যক আক্ষৰিক অর্থতে বিয়াৰ খাদ্য বুলি সকলােৱে আদৰিও লৈছে। কৰ’না স্বাস্থ্যবিধ অনুসৰণ কৰি বিয়াৰ আয়ােজন কৰিলেও বহু সময়ত সম্পূর্ণভাৱে এনে স্বাস্থ্যবিধিক মানি চলা হােৱা নাই। এনে কাৰণতে আকৌ বিয়াৰ মাধ্যমৰে পৰিয়ালসহ সকলাে অতিথি কৰনাৰ দ্বাৰা সংক্রমিত হােৱাৰ আশংকা থাকে।

ইফালে পৰিয়ালৰ সন্তানৰ বিয়া বুলিলে স্বাভাৱিকতে ধুমধামেৰে আয়ােজিত হ’ব লাগিব সকলাে। সেয়েহে চেন্নাইৰ এই লােকজনে এক অভিনৱ উপায় বিচাৰি উলিয়ালে। যত আমন্ত্রণ কৰিব বিচৰা সাতশ অতিথিৰ ঘৰত বিয়াৰ খাদ্য পােনপটীয়াভাৱে গৈ পালে নির্দিষ্ট কৰা বিশেষ দিনটোত। খাদ্যৰ লগতে বিয়াৰ নিমন্ত্ৰণী পত্ৰখনাে প্ৰেৰণ কৰা হৈছে। বিয়াৰ এই খাদ্যত মুঠতে ১২ বিধ বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰ ৰখা হৈছিল।

আৰচুভাই আৰচু কেটাৰ নামৰ এখন কেটাৰিঙৰ দ্বাৰা এই খাদ্য বনােৱা হৈছিল। মূলতঃ চাম্বৰ, ৰচম, পুলি সাধমসহ দক্ষিণ ভাৰতত জনপ্রিয় খাদ্যক ইয়াক গুৰুত্ব দিয়া হৈছিল। খাদ্যবিলাক দেখনিয়াৰ টিফিন বক্সত ভৰাই পুনৰ সুদৃশ্য বেগত ভৰােৱা হৈছিল। লগত আছিল কলপাতাে। এই খাদ্য দাৰ পিতৃৰ এজন বন্ধু লজিষ্টিক প্রতিষ্ঠান উনানু টেকনলজিচৰ সহায়ত অতিথিসকলৰ ঘৰলৈ প্ৰেৰণ কৰা হয়।

খাদ্যৰ স’তে দিয়া নিমন্ত্ৰণী পত্ৰখনত নৱদম্পতীক আশীর্বাদ দিয়াৰ লগতে খাদ্য গ্রহণ কৰিবলৈকো অনুৰােধ জনায় দৰাৰ পিতৃয়ে। ইফালে, ছ’চিয়েল মিডিয়াত এই খবৰ সন্মুখলৈ অহাৰ লগে লগে এনে অভিনৱ প্ৰয়াসক সকলােৱে প্রশংসা কৰে। বহুজনে এনে অভ্যর্থনাক বিশেষভাৱে পছন্দও কৰিছে। বহুজনে আকৌ ইয়াৰ দ্বাৰা ৰগৰ কৰাৰ লগতে বৰকৈ আমােদ লাভ কৰাও দেখিবলৈ পােৱা গৈছে।

Exit mobile version