নৱ বিবাহিতা বৌয়েকক ননদে চোকা অস্ত্ৰৰে হত্যাৰ অপচেষ্টা চলোৱাৰ এক ঘটনা সংঘটিত হৈছে তেজপুৰত৷ তেজপুৰ চহৰৰ সমীপৱৰ্তী বেছেৰীয়াৰ আলিকাষত আজি দিনৰ প্ৰায় ১২ বজাত সংঘটিত হোৱা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰত৷ ঘটনাৰ বিৱৰণী অনুসৰি, বেছেৰীয়াৰ আলি কাষৰ কুকিল কলিতাৰ পত্নী লক্ষ্মীমণি বৰাক তেওঁৰ ননদ নৱনীতা কলিতাই চোকা অস্ত্ৰৰে আঘাত কৰি হত্যাৰ চেষ্টা চলায় ৷
লক্ষ্মীৰ স্বামী কুকিল কলিতা ঘৰত নথকাৰ সময়তে কুকিলৰ ভগ্নী নৱনীতাই পিছফালৰ পৰা লক্ষ্মীৰ মূৰত চোকা অস্ত্ৰৰে আঘাত কৰে৷ আঘাতৰ ফলত বাগৰি পৰা বোৱাৰী গৰাকীক সংকটজনক অৱস্থাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায়৷ এই ঘটনাৰ পাছতে চিকিৎসালয়ত উপস্থিত হয় পত্নী লক্ষ্মীৰ পিতৃগৃহ পৰ্বতীয়া মইনাচুবুৰীৰ একাংশ আত্মীয়, ৰাইজ ৷
মহিলাসকলে লক্ষীৰ স্বামীক চিকিৎসালয়তে প্ৰহাৰ কৰে যদিও গুৰুতৰভাৱে আহত পত্নী লক্ষ্মীয়ে স্বামীক সাৱতি ধৰি তেওঁক ৰাজহুৱা প্ৰাহাৰৰ পৰা ৰক্ষা কৰে ৷ ৰাইজৰ অভিযোগ যৌতুকৰ বাবেই বোৱাৰীগৰাকীক এইদৰে হত্যা কৰিব খোজা হৈছে আৰু ইয়াৰ লগত লক্ষ্মীৰ স্বামী কুকিল জড়িত আছে৷ অভিযোগ অনুসৰি কুকিলৰ নিৰ্দেশতেই ভনীয়েকে এইদৰে লক্ষ্মীক হত্যাৰ চেষ্টা চলাইছিল। এই ঘটনাৰ পিছতে দুয়ো পক্ষই তেজপুৰ সদৰ থানাত পৃথক পৃথকভাৱে লিখিত অভিযোগ দাখিল কৰে । আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।