পবিন্দ্ৰ ডেকাৰ পদত্যাগ সুবিধাবাদঃ অগপ

Prabindra Deka 1

গুৱাহাটী ১৫ ডিচেম্বৰঃ বিধায়ক পবিন্দ্ৰ ডেকাৰ পদত্যাগ চূড়ান্ত সুবিধাবাদ আৰু হাস্যকৰ আখ্যা দিছে অসম গণ পৰিষদ দলে। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই কয় যে, আঞ্চলিকতাবাদৰ মুখা পিন্ধি ওৰেটো জীবন সুবিধাবাদী ৰাজনীতিত সিদ্ধহস্ত বিধায়ক ডেকাই পূৰ্বতেও অসম গণ পৰিষদ দল ত্যাগ কৰি কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলাৰ উদাহৰণ আছে।

নিজকে সাধু আৰু সততাৰ প্ৰতীক বুলি দাবী কৰা ডেকাৰ চতুৰালী সমষ্টিবাসীয়ে ভালদৰে জানে। সমষ্টিবাসীৰ সুখ-দুখৰ পৰা সততে আতৰি থাকি নিৰাপদ দুৰত্বত অৱস্থান কৰাটো ডেকাৰ জীৱনশৈলী। কোনো দিনে দলীয় সদস্য তথা সাধাৰণ লোকৰ দায়িত্ব বুজি নোপোৱা ডেকাৰ পদত্যাগ এক আমোদজনক ঘটনা বুলি বিবৃতিটোত উল্লেখ কৰে।

Exit mobile version