বিটিচি শপত গ্ৰহণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

6d3454aa 0ca1 4827 9417 10eddc742d8d

কোকৰাঝাৰ জিলাৰ গ্ৰিণফিল্ড বডোফা নগৰত প্ৰমোদ বড়োৰ নেতৃত্বত নতুন পৰিষদৰ শপত গ্ৰহণ সম্পন্ন হয় । মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে প্ৰমোদ বড়োৱে । উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইগৰাকী ৰাজনৈতিক নেতাও । শপত গ্ৰহণ অনুষ্ঠানত সকলোকে আদৰণি জনায় মুখ্যমন্ত্ৰী সোণোৱালে কয়, ‘আজিৰ দিনটোত আমি অভিনন্দন জনাব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতে সমূহ বিটিচি ৰাইজক যাৰ বাবে  কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নোহোৱাকৈ বিটিচি নিৰ্বাচন সম্পন্ন হৈ গ’ল ।

পোনৰবাৰ ধন্যবাদ বিটিচিবাসীক অভিনন্দন । এই নিৰ্বাচনৰ পাছত পৰৱৰ্তী কালত ইউপিপিএল, বিজেপি আৰু জিএছপি তিনিওটা ৰাজনৈতিক দল একত্ৰিত হয় ।’ লগতে তেওঁ কয় যে, বিটিচিৰ সমূহ ৰাইজক সেৱা কৰিবৰ বাবে প্ৰমোদ বড়োৰ নেতৃত্বত জনগণক সেৱা কৰিবলৈ ওলাই আহিছে । ভাৰতীয় জনতা পাৰ্টিৰ ইউপিপিএললৈ সম্পূৰ্ণ সমৰ্থন থাকিব আৰু দায়িত্ব ভাৰ গ্ৰহণৰ পাছত তেওঁৰ প্ৰতিটো গ্ৰহণমূলক কামত সহযোগিতা আগবঢ়াব ।

বিটিচিৰ বাবে কৰিব লগা বহুত আছে , ৰাইজৰ মনৰ পৰা ভয় আৰু আশংকা আঁতৰাই উন্নয়ন কৰাৰ সময় এতিয়া । ৰাজ্য চৰকাৰৰ পৰা আমি প্ৰতিশ্ৰুতি দিছো যে আমাৰ ৰাজ্য চৰকাৰে প্ৰমোদ বড়োক সকলো ধৰণৰ সহায় সাহায্য আগবঢ়াব যাতে বিটিচি প্ৰধান হিচাপে তেওঁ সফল হয় । বিটিআৰৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিও দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে । তেওঁ কয়, ‘আমি সকলোৱে জানো বিটিআৰ চুক্তিত কে’বাটাও আৰ্থ-সামাজিক প্ৰকল্পৰ উল্লেখ কৰা হৈছিল ।

সেই প্ৰকল্পসমূহ যদি নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিব পাৰো ই বিটিচিৰ চেহেৰাই সলনি কৰি পেলাব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ তেওঁলোকৰ দূৰদৰ্শীতাৰ বাবেই বিটিআৰ চুক্তি চাক্ষৰ হৈছিল । সেই বিটিআৰ চুক্তিয়ে আজি নতুন বীজ অংকুৰিত কৰাৰ সম্ভাৱনা অসমলৈ লৈ আহিছে । সকলোৰে মাটি, ভেটি, কৃষ্টি, সংস্কৃতি ৰক্ষা পৰিব লাগিব ।’

Exit mobile version