মুম্বাই বিমানকোঠত হেৰাল জুহি চাওলাৰ হীৰাৰ দুল

juhi 1607929317

বিপদৰ সন্মুখীন হলেই ছ’চিয়েল মিডিয়াৰ শৰণাপন্ন হয় জুহি চাওলা। কিছুদিন পূর্বে মুম্বাই বিমানকোঠৰ অৱস্থাক লৈয়াে ছ’চিয়েল মিডিয়াত সৰৱ হৈ পৰিছিল অভিনেত্রীগৰাকী। বিমানকোঠটোত অধিক কর্মী নিয়ােগৰ বাবে আবেদন জনাই টুইট কৰিছিল জুহি চাওলাই। কালি অভিনেত্রীগৰাকীৰ কাণৰ হীৰাৰ দুল হেৰুওৱাৰ পাছত পুনৰ ছ’চিয়েল মিডিয়াৰ শৰণাপন্ন হৈছে।

দুলৰ সন্ধান বিচাৰি জুহি চাওলাই ছ’চিয়েল মিডিয়া যােগে এক আবেদন জনাইছে। কলকাতা নাইট ৰাইডাৰ্ছৰ অন্যতম গৰাকী এইগৰাকী অভিনেত্রীয়ে দুলৰ সন্ধান দিয়াজনক উপযুক্ত পুৰস্কাৰ প্রদান কৰিব বুলিও ঘােষণা কৰিছে। মুম্বাই আন্তর্জাতিক বিমানকোঠত নিজৰ বহুমূলীয়া দুল হেৰুৱাইছিল জুহিয়ে।

হীৰাৰ দুল দুটি অভিনেত্রীগৰাকীৰ বাবে অতিকৈ প্রিয়। সম্প্রতি ইয়াৰ এটি দুল অভিনেত্রীগৰাকীৰ লগত আছে। হাতত থকা দুলৰ ছবি শ্বেয়াৰ কৰি জুহিয়ে জনােৱা অনুসৰি কালি পুৱাতে দুলটো হেৰায়। এই সন্দৰ্ভত জুহিয়ে কয়,মুম্বাই আন্তর্জাতিক বিমানকোঠৰ দুই নম্বৰ টার্মিনেলৰ আঠ নম্বৰ প্রৱেশ পথৰে মই আহাে। ইউনাইটেড আৰব এমিৰেটচৰ কাউন্টাৰলৈ গৈ ‘ছিকিউৰিটি’পৰীক্ষা কৰে।

সেই সময়তে হয়তাে দুল এটি পৰি যায়। কোনােবাই যদি বিচাৰি দিব পাৰে তেন্তে বৰ উপকাৰ হ’ব। এই সন্দৰ্ভত পােনপটীয়াকৈ আৰক্ষীকো জনাব পাৰে। ময়াে পুৰস্কৃত কৰিম। ইয়াৰ লগত এটা এতিয়াও মােৰ লগত আছে। যােৱা ১৫ বছৰ ধৰি এই দুল দুটি মই পিন্ধি আহিছাে। দয়া কৰি এই দুটো বিচৰাত মােক সহায় কৰক।যােৱাটো শতিকাৰ শেষৰ ডেটা দশকত বলিউডত জুহিয়ে ৰাজত্ব কৰিছিল নিজৰ সৌন্দর্য তথা অভিনয়ৰে।

চলিত বৰ্ষত শর্মাজী নমকিন’ নামৰ ছবিখনত অভিনয় কৰিছে। টুইটত প্ৰকাশ কৰা অনুসৰি জুহিয়ে হৰিদ্বাৰলৈ গৈছিল। মােমায়েকৰ শেষকৃত্যত অংশগ্রহণ কৰিছিল অভিনেত্রীগৰাকীয়ে। তাৰ পৰাই এটি ভিডিঅ’ প’ষ্ট কৰিছে জুহিয়ে। কিন্তু ঘৰলৈ ওভতাৰ পাছত দেখে প্রিয় দুল দুটিৰ এটি লগত নাই।

Exit mobile version