শপতগ্ৰহণৰ পিচত বিটিচি সচিবালয়স্থিত নিজৰ চকীত প্ৰমোদ বড়ো

WhatsApp Image 2020 12 15 at 2.50.56 PM

এইবাৰ পৰিবৰ্ত্তন আহিব ।আৰু এই পৰিৱৰ্তন আনিবৰ বাবে এখন নীতি প্ৰস্তুত কৰিব লাগিব ।নীতিবিহীন এখন চৰকাৰ চলিব নোৱাৰে বুলি মন্তব্য কৰে প্ৰমোদ বড়োয়ে । লগতে তেওঁ কয় শপত গ্ৰহণৰ দহ দিনৰ ভিতৰত আমি এখন কাউন্সিলত বহিম । আৰু তাতে সিদ্ধান্ত লোৱা হব কিমান নীতি প্ৰস্তুত কৰা হব । যি জয়ী প্ৰাৰ্থী সেইসকলৰ লগতো চিনাকি হোৱাৰ লগতে নিজৰ বিষয়লৈ আমি আলোচনাত মিলিত হম। আনহাতে তেওঁ কয় ৰাইজে আশা কৰিছে ৰাইজক সেৱা কৰাটো কাম কৰাটো আৰু আমি ৰাইজৰ সেৱা কৰিব আহিছোঁ।

এই কাৰ্যালয়ৰ পৰাই ৩৫লাখ জনসাধাৰণৰ এজন সেৱক হিচাপে এই অফিচৰ পৰাই আমাৰ কোকৰাঝাৰ, চিৰাং,ওদালগুৰি আৰু বাক্সা চাৰিখন জিলাৰ ৰাইজক যি অভাৱৰ অভিযোগ ,আমাৰ কাউন্সিলৰ ক্ষমতাত যিমান খিনি কৰিব পাৰো সেইয়া কোনো বিলম্ব নকৰাকৈ কামখিনি কৰিম বুলি ৰ ৰাইজক প্ৰতিশ্ৰুতি দিছে প্ৰমোদ বড়োয়ে। লগতে তেওঁ উল্লেখ কৰে যে এতিয়াও বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকলে কিতাপ পঢ়াৰ সুযোগ নাপাই আৰু তাৰ মাজতে মইও এজন আছিলোঁ।

আমাৰ সামাজিক যি অৱস্থা সেইয়া এতিয়াৰ নহয় ।শতিকাৰ পৰা আমাৰ মানৱ জাতিটোৱে এনেকোৱা সংগ্ৰাম সন্মুখীন হৈ আহিছে ।বৰ্তমানেও সংগ্ৰাম শেষ হোৱা নাই।এতিয়াও বিভিন্ন জনে ভালকৈ খাব নাপাই ,শুব নাপাই । আৰু সেই বাবে আজি মোৰ অন্ত আত্মাৰ পৰা সেই সকলক সেৱা কৰিবলৈ মনটোৱে কয়। বিটিআৰৰ ৩৫লাখ বাসীয়ে মোৰ পৰিয়াল আমি সকলোৱে মিলি আগুৱাই যাম। আমাৰ চৰকাৰত আমি নিশ্চিত কৰিব চেষ্টা কৰিম এজনো ব্যক্তি যাতে গৃহহীন হৈ থাকিব নালাগে ,এজনো মানুহে যাতে ৰাতি খালি পেটত শুব নালাগে, এজনো ব্যক্তি যাতে ডক্টৰৰ অভাৱত বা ঔষধৰ অভাৱত মৃত্যুমুখত নপৰে।

লগতে নিবনুৱা সমূহ যাতে সংস্থাপনৰ পৰা বঞ্চিত হ’ব লগা নহয় এজন শিশু যাতে শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা নহয় ইয়াৰ বাবে আমি ইতিমধ্যে নিজৰ মনত প্ৰকল্প তৈয়াৰ কৰিছোঁ। অহা সপ্তাহৰ পৰাই সকলো জনগোষ্ঠীৰ এটা এটা সংগঠনক মাতি আমি যাৰ যি সমস্যা আছে সেই কথাৰ ওপৰত আলোচনাত মিলিত হম । আমি বিচাৰো এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ শান্তি সম্প্ৰীতি আৰু নিৰাপত্তা । ৩৫লাখ বিটিআৰবাসীয়ে মোৰ পৰিয়াল সকলো মোৰ মা, দেউতা ,সকলো দাদা ভাই সকলোৱে মিলি আগবাঢ়ি যাম। বিটিআৰ বাসীয়ে অৰ্পণ কৰা দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ হাতত লৈছে ।

জ্যেষ্ঠ সকলৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদৰ লগতে বিটিআৰ বাসীৰ সহায় সহযোগিতা আৰু সকলো জাতি জনগোষ্ঠীৰ বন্ধুসকলৰ সহায় পালেহে আগুৱাই যাব পাৰিম । নতুন যি প্ৰশাসন হ’ব এই প্ৰশাসনৰ যন্ত্ৰটো প্রথমে ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ । নাগৰিক আৰু প্ৰশাসনৰ এটা মধুৰ সম্পর্ক গঢ়িব বিচাৰো ।সকলো সম্প্ৰদায়ে মিলি এখন সুন্দৰ সমাজ গঢ়াৰ কথা চিন্তা কৰিছোঁ বুলিও উল্লেখ কৰে প্ৰমোদ বড়োয়ে।

Exit mobile version