“সংখ্যালঘু লোকক টাৰ্গেট কৰি উচ্ছেদ চলাইছে বিজেপি চৰকাৰে”

7b144c6f aea8 4c66 9d6d ce879e83d211

বাগসা জিলাৰ সমীপৱৰ্তী তথা বৰপেটাৰ কাটাঝাৰত কালি প্ৰশাসনে ৪৮ টাকৈ পৰিয়ালক চলোৱা উচ্ছেদ অভিযান আজি পৰিদৰ্শন কৰে CPI(M)ৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰে৷ কালি বৰপেটা জিলা প্ৰশাসনে বৃহৎ সংখ্যক আৰক্ষী আৰু সেনাবাহিনী মোতায়েন কৰি চৰকাৰী ভূমিত বাস কৰা বৰপেটা জিলাৰ কাটাঝাৰ গাঁওৰ ৪৮ টাকৈ পৰিয়ালক উচ্ছেদ কৰাৰ লগতে এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ ওপৰতো বুলডঝাৰ চলাইছিল৷

প্ৰশাসনৰ ফালৰপৰা আগতীয়াকৈ কোনো জাননী অবিহনেই উচ্ছেদ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছিল ভূক্তভোগী আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও দল সংগঠনে৷তাৰ পিছতে বাওঁপন্থী নেতাগৰাকী উচ্ছেদিত পৰিয়ালসমূহৰ কাষত থিয় হৈ শীঘ্ৰেই গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহক ভূমি প্ৰদানৰ লগতে উচিৎ ক্ষতিপূৰণ দিবলৈ দাবী জনায়৷

চিপিআইএম নেতা গৰাকীয়ে এই সংক্ৰান্তত সাংবাদিকৰ আগত কয়-“ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ অহাৰ পিছতেই হাতী কৰিডৰৰ নামত কাজিৰঙাত উচ্ছেদ চলালে,মায়ঙত উচ্ছেদ চলালে,চিপাঝাৰত উচ্ছেদ চলালে৷তাৰ মাজতে বিভিন্ন সত্ৰৰ মাটি বেদখল কৰা বুলি কৈ তাতো উচ্ছেদ চলালে৷এই সমুহ উচ্ছেদ কাৰ্যত তেওঁলোকে সংখ্যালঘু অংশ ৰাইজকে টাৰ্গেট কৰি লৈছে৷এইয়া চৰকাৰৰ এক নিৰ্মম কাণ্ড৷এই উচ্ছেদিত পৰিয়াল সমুহৰ পুনৰ সংস্থাপনৰ দাবীত আমি আন্দোলন গঢ়ি তুলিম৷মানুহ সংগঠিত নহ’লে চৰকাৰে অদূৰ ভৱিষ্যতেও এনেকুৱা কাম কৰি গৈ থাকিব৷

ইতিমধ্যে বহু ঠাইতে উচ্ছেদ অভিযান চলাই বহুতকে গৃহহাৰা কৰিলে এইখন বিজেপি চৰকাৰে৷দুখীয়া দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এইলোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ৷” উল্লেখ্য যে বৰপেটা জিলা আমছুৱেও আজি কাটাঝাৰৰ উচ্ছেদিত পৰিয়াল সমুহক উপযুক্ত ক্ষতিপূৰণ দিয়া,উচ্ছেদিত প্ৰতিটো পৰিয়ালৰ সংস্থাপনৰ ব্যৱস্থা কৰা,ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক পাঁচলাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাকে ধৰি কেবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ বৰপেটা জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে৷

Exit mobile version