এই বিক্ষোভ শীঘ্ৰেই এটা জাতীয় সমস্যা হোৱাৰ পথত : উচ্চতম ন্যায়ালয়

385637 supreme court farmers protest

কেন্দ্ৰ আৰু প্ৰতিবাদী কৃষকৰ মাজত এইপৰ্যন্ত পাঁচখনকৈ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰৰ মন্তব্য এয়ে যে নতুন কৃষি আইন সংশোধন কৰা হ’ব । কিন্তু এই প্ৰস্তাৱ নাকচ কৰি কৃষক সকল এতিয়াও অটল আছে নিজৰ দাবীত।

ADVERTISEMENT

আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ এ ব’বডেই মন্তব্য কৰে যে ,কেন্দ্ৰই যি ধৰণে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আন্দোলনকাৰীৰ স’তে আলোচনা চলাইছে সেয়া ব্যৰ্থ। এই বিক্ষোভ শীঘ্ৰেই এটা জাতীয় সমস্যা হোৱাৰ পথত। ইয়াক আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগিব।

আনহাতে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই কয় যে, কেন্দ্ৰই এনে কোনো কাম নকৰে যি কৃষকসকলৰ স্বাৰ্থৰ পৰিপন্থী হব। কেন্দ্ৰৰ কেবাগৰাকী মন্ত্রীয়ে আন্দোলনকাৰী কৃষকৰ স’তে আলোচনাত মিলিত হৈছে যদিও কৃষকসকল এতিয়াও অটল হৈ আছে নিজ দাবীত । বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এই বিষয়ত হ’ব শুনানি।

Exit mobile version