দেশৰ জৰুৰী অৱস্থাক ‘অসাংবিধানিক বুলি অভিযােগ

supremecourt 1478850392

১৯৭৫ত তদানীন্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীয়ে জাৰি কৰ জৰুৰী অৱস্থাক ‘অসাংবিধানিক বুলি ক’ব পাৰিনে বা ‘অসাংবিধানিক’ বুলি কোৱাটো সম্ভৱ হয় নে নহয়, সেয়া চালি- জাৰি চাবলৈ সন্মত হ’ল উচ্চতম ন্যায়ালয়। এগৰাকী বৃদ্ধাৰ আবেদনৰ ভিত্তিত আজি শীর্ষ আদালতে এই সন্মতি প্রকাশ কৰে। জৰুৰী অৱস্থাৰ ফলত বৃদ্ধাগৰাকী ব্যাপক ক্ষতিৰ সন্মুখীন হৈছিল।

বীৰ ছাৰিন নামৰ ৯৪ বছৰীয়া বৃদ্ধাগৰাকীয়ে আদালতত এখন আবেদন দাখিল কৰিছিল। উক্ত আবেদনত বৃদ্ধাগৰাকীয়ে অভিযােগ কৰে যে তেওঁ আৰু তেওঁৰ স্বামী কে ছাৰিনে ১৯৭৫ৰ জৰুৰী। অৱস্থাৰ সময়ত দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল তেওঁলােকৰ সকলাে স্থাবৰ-অস্থাবৰ সম্পত্তি। বাজেয়াপ্ত কৰা হয়। বৃদ্ধাই দাবী কৰে যে সেই সময়ত দিল্লীত তেওঁলােকৰ এখন গহনাৰ দোকান আছিল। সেইবােৰাে বাজেয়াপ্ত কৰা হৈছিল।

অতিশয় আর্থিক দুর্গতিৰ সন্মুখীন হৈছিল তেওঁলােক। পাছত তেওঁৰ স্বামীৰাে মৃত্যু হয়। এই জৰুৰী অৱস্থাই তেওঁলােকৰ সর্বস্ব কাঢ়ি নিছিল। সেয়ে এই জৰুৰী অৱস্থাক ‘অসাংবিধানিক ঘােষণা কৰা হওক বুলি ছাৰিনে উচ্চতম আদালতত আর্জি দিয়ে। এই সন্দৰ্ভত আজি ন্যায়াধীশ ছ কে ক’লৰ খণ্ড বিচাৰপীঠে জনায় যে ঘটনাটোরে প্রায় ৪৫ বছৰ পাৰ কৰিছে। ইে ঘটনাৰ অনেক লােকেই এতিয়া জীৱিত নাই। এনে পৰিস্থিতিত জৰুৰী অৱস্থাক ‘অসাংবিধানিক ঘােষণা কৰাটো উচিত নে অনুচিত, সেই সন্দৰ্ভত সিদ্ধান্ত লােৱাটো অতি কঠিন।

কিন্তু বৃদ্ধাৰ অধিবক্তা হৰিশ ছালভেই আদালতত যুক্তি প্রদর্শন কৰি কয়, ‘এয়া আছিল ক্ষমতাৰ অপব্যৱহাৰ। এই ধৰণৰ ভুলৰ যদি সংশােধন কৰা নহয়, তেন্তে সেয়া অনন্ত কাললৈ চলি থাকিব। এই জৰুৰী অৱস্থা বৰ বেছি পুৰণি নহয়। এতিয়াও সেই সময়ৰ মানুহ আছে। এয়া গণতন্ত্রৰ ওপৰত আক্রমণ আছিল। এই ঘটনাটো চালি-জাৰি চোৱা উচিত। ইয়াৰ পাছতে আদালতে অৱশেষত বিষয়টো চালি-জাৰি চোৱাৰ বাবে সন্মত হয়। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ এখন জাননীও প্ৰেৰণ কৰিছে ।

Exit mobile version