পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিদ্যুৎস্পৃষ্ট হৈ দুটা বনৰীয়া হস্তীৰ মৃত্যু

WhatsApp Image 2020 12 16 at 8.00.30 PM

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয় । খেৰণি বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত বগৰিঘাটত সংঘটিত হৈছে এই ঘটনা। উচ্চ বিদ্যুৎশক্তি সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় হাতী দুটাৰ। ইয়াৰে এটা মতা আৰু আনটো মাইকী হাতী।

বিগত তিনি মাহৰ পৰা বগৰিঘাটৰ জনাঞ্চলত বিচৰণ কৰি আছে বনৰীয়া হাতীৰ এটা বৃহৎ জাক। ইতিমধ্যে ঘটনাস্থলীত বিভাগীয় লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। বিদ্যুৎ বিভাগৰ গাফিলটিত ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

আনহাতে জনাঞ্চলৰ পৰা বনাঞ্চললৈ বনৰীয়া হাতীৰ জাকটোক খেদি পঠোৱাৰ ক্ষেত্ৰত বন বিভাগে কোনো বিহীত ব্যৱস্থা নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে বগৰীঘাটবাসীয়ে। যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ খেৰণিৰ কৃষক ৰাইজে হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হয় । হাতীৰ তাণ্ডৱত ঘৰ-দুৱাৰ, তামোল-নাৰিকল গছ আদি ভাঙি লণ্ডভণ্ড হোৱাত সৰ্বস্বান্ত হৈ আহিবলগীয়া হৈছে।

লগতে ভঁৰালৰ ধান, কুঁহিয়াৰ খেতি, পথাৰৰ পকা ধান, অন্যান্য খাদ্য সামগ্ৰী আদিও খাই অঞ্চলবাসীৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ বৃহৎ জাকটোৱে।

Exit mobile version