মহাকাশ ষ্টেচনত‌ যাব ভাৰতীয় বংশোদ্ভূত ৰাজা চাৰী

Raja Chari 1200

নাচাই আগন্তুক বৰ্ষৰ ছেপ্টেম্বৰত স্পেচএক্সৰ ৰকেটত চাৰিজন মহাকাশচাৰী আন্তৰ্জাতিক মহাকাশ ষ্টেচন (আইএছএছ)লৈ প্ৰেৰণ কৰিব । অভিযানটোৰ নাম হ’ব ‘স্পেচএক্স ক্ৰু-৩’ । ইয়াৰ বাবে আপাতত তিনিজন লোকক বাচি লৈছে ইউৰোপীয় মহাকাশ সংস্থা (ইএছএ) আৰু নাচাই । আমেৰিকান বায়ুসেনাৰ কৰ্ণেল ভাৰতীয় বংশোদ্ভূত ৰাজা চাৰী তাৰে অন্যতম । তেওঁৰ সম্পূৰ্ণ নাম ৰাজা জন বৰপুটুৰ চাৰী ।

ইউএছ এয়াৰফ’ৰ্চ, এমআইটি আৰু ইউএছ নাভেল টেষ্ট পাইলট স্কুলৰ স্নাতক । ৫৫ বছৰ বয়সত ২৫০০ ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতা আছে ৰাজাৰ । ২০১৭ত তেওঁ নাচাত ৰোগ দিয়ে । দুবছৰৰ প্ৰশিক্ষণৰ অন্তত এতিয়া তেওঁ পূৰ্ণ মহাকাশচাৰী ।২০২৪ত পুনৰ চন্দ্ৰত মানুহ পঠাব আমেৰিকাই । এইবাৰ এগৰাকী মহিলাই বিচৰণ কৰিব চন্দ্ৰত ।

অভিযানটো অন্তৰ্ভুক্ত হৈ আছে ৰাজা । স্পেচএক্সৰ ৰকেট তৃতীয়বাৰৰ বাবে যাব আইএচএচলৈ । এই ভ্ৰমণৰ দটা পৰ্বটো কমাণ্ডাৰ আৰু পাইলটৰ ভূমিকাত থাকিব ৰাজা আৰু নাচাৰ আন এক মহাকাশচাৰী টম মাৰ্শবাৰ্ণ । তেওঁলোকৰ লগত থাকিব ইএছএৰ মেথিয়াচ মাওৰেৰ । চতুৰ্থ যাত্ৰী কোন হ’ব বৰ্তমানলৈকে স্থিৰ কৰা নাই । আইএছএছত ছমাহ কটাব তেওঁলোকে ।

Exit mobile version