আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ পাছত চন্দ্ৰৰ পৰা মাটি অনা চীনেই হৈছে তৃতীয়খন দেশ । স্থানীয় সময় বৃহস্পতিবাৰে পুৱা মানবিহীন মহাকাশযান ‘চেং’ই ৫’এ চীনত সফলতাৰে অৱতৰণ কৰে । চন্দ্ৰৰ যি অংশত বৰ্তমানেও মানৱ সভ্যতাৰ ভৰি পৰা নাই সেই অঞ্চলৰ পৰাই মাটি লৈ আনিছে চীনৰ এই যানখনে ।
চীনৰ মহাকাশ গৱেষণা সংস্থাই দিয়া তথ্য অনুসৰি, যানখনে উত্তৰ চীনৰ আনাৰ মংগোলীয় অট’ন’মাছ ৰিজিয়নত অৱতৰণ কৰে ।নাচাই জনায় যে, চন্দ্ৰৰ যি অংশ কৃষ্ণবৰ্ণ সেই অংশতে এক ডিচেম্বৰত চীনৰ যানখন নামিছিল । নাচাৰ মতে, এসময়ত এই অঞ্চলত বৃহৎ অংশজুৰি লাভা উদগিৰণ হৈছিল ।
বহু যুগ পূৰ্বে মেগমাৰ সমুদ্ৰ বৈ যোৱাৰ বাবে এই অঞ্চল কৃষ্ণ বৰ্ণৰ । গৱেষকসকলৰ বাবে এই অঞ্চলৰ পৰা পোৱা শিল অথবা শিলাময় মাটিৰ গুৰুত্ব অপৰিসীম ।চীনৰ মহাকাশ গৱেষণা সংস্থাৰ সহকাৰী সঞ্চালক পেই ঝাওৱে কয়, ‘আমি চন্দ্ৰৰ বুকুৰ পৰা যি নমুনা লৈ আহিছো, সেয়া পৰীক্ষণৰ বাবে অন্য দেশকো সহায় কৰিম ।’