পি এম কেয়াৰ্ছ ৰাজহুৱা নে ব্যক্তিগত নিধি

173526 pm careweb

কৰ’না সংকতৰ সন্মুখীন হ’ব পৰাকৈ যোৱা মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ‘পি এম কেয়াৰ্ছ’ৰ জমা ধনৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই । কেন্দ্ৰীয় অথবা কোনো এখন ৰাজ্য চৰকাৰে এই চৰকাৰী নিধিৰ জমা ধনৰ হিচাপ অথবা খৰচৰ সীমা নিয়ন্ত্ৰণ নকৰে ।

স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ পৰা তথ্য জনাৰ অধিকাৰ আইনৰ দ্বাৰা তথ্য আহৰণৰ চেষ্টা কৰাৰ সময়তে এই কথা পোহৰলৈ আহিছে । পি এম কেয়াৰ্ছ অৰ্থাৎ ‘প্ৰাইম মিনিষ্টাৰ্ছ চিটিজেন এছিছটেনছ এণ্ড ৰিলিফ ইন ইমাৰ্জেন্সী চিটিউৱেছন ফাণ্ড’ক লৈ‌ সেয়েহে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ।

পি এম কেয়াৰ্ছ আৰম্ভ কৰাৰ সময়ত যদিও ইয়াক চৰকাৰী ন্যাস হিচাপে দেখুওৱা হৈছিল, কিন্তু ন্যাসৰ নথি-পত্ৰত অন্তৰ্ভুক্ত দফাৰ উল্লেখেৰে তথ্য জনাৰ অধিকাৰ আইনৰ আওতাত নপৰে বুলি দাবী কৰা হৈছে । ন্যাসৰ উদ্দেশ্য আছিল কৰ্প’ৰেট অনুদানৰ মাধ্যমত সাহায্যৰ ধন আহৰণ কৰা হ’ব । ন্যাসৰ গঠন প্ৰক্ৰিয়াৰ পঞ্জীয়ন কাৰ্য কৰা হৈছিল দিল্লীৰ ৰাজহ বিভাগত ।

যোৱা ২৭ মাৰ্চত এই পঞ্জীয়ন কাৰ্য সমাপন কৰা হৈছিল । প্ৰধানমন্ত্ৰী এই ন্যাসৰ অধ্যক্ষ হোৱাৰ লগতে জ্যেষ্ঠ মন্ত্ৰীসকল হৈছিল ন্যাসৰক্ষী; কিন্তু শেহতীয়াকৈ পোহৰলৈ আহা তথ্য অনুসৰি ন্যাসৰ ৱেবছাইটৰ দ্বাৰাও এই ন্যাসক চৰকাৰী বুলি দাবী কৰা হোৱা নাই ।

ন্যাসৰ ৫.৩ নম্বৰ দফাই এই সকলোবিলাক পোনপটীয়াভাৱে স্পষ্ট কৰি দিছে । ২৭ মাৰ্চত পঞ্জীয়ন হোৱাৰ পাছতে ২৮ মাৰ্চত কেন্দ্ৰীয় কৰ্প’ৰেট মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা কাৰ্যালয় অনুসূচি অনুসৰি পি এম কেয়াৰ্ছক কৰ্প’ৰেট ছ’চিয়েল ৰেচপনছিবিলিটি (বি এছ আৰ)ৰ বাবে‌ যোগ্য নিৰ্ধাৰণ কৰি কৰ্প’ৰেট খণ্ডৰ পৰা অনুদানৰো আহ্বান জনোৱা হয় ।

কোম্পানী আইনে স্পষ্ট কৰা অনুসৰি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি, কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ সামাজিক-অৰ্থনৈতিক উন্নয়ন, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছ পৰা শ্ৰেণী, সংখ্যালঘু মহিলা আদিৰ কল্যাণৰ স’তে জড়িতৰ ক্ষেত্ৰত অনুদান সংগ্ৰহ কৰা নিধিৰ তথ্য জনাৰ অধিকাৰ আইনৰ আওতাত সকলো কাম-কাজ হয় ।

পি এম কেয়াৰ্ছৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ বাবে ধন সংগ্ৰহ কৰিব বিচাৰা সত্বেও চৰকাৰী ন্যাসৰ দাবীক অস্বীকাৰ কৰাত সমগ্ৰ ঘটনাটোৱে এতিয়া ৰহস্যৰ মাজত । ইয়াকে লৈ বিৰোধী দলসকলেও একাধিক প্ৰশ্নৰ উত্থাপন কৰিছে । ন্যাসৰ হিচাপ পৰীক্ষাকলৈও সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰ ।

জমা ধনক লৈ শেহতীয়াকৈ ১৬ পৃষ্ঠাৰ এক ধৰিও প্ৰকাশ কৰিছে চৰকাৰে । এই নথি অনুসৰি ন্যাসৰ ওপৰত কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই । তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ন্যাসৰ অধ্যক্ষ ব্যক্তিগতভাবহে । প্ৰধানমন্ত্ৰী হিচাপে নহয় ।

গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ন্যাসৰ ন্যাসৰক্ষী । ইয়াৰ দ্বাৰা স্পষ্ট হয় ন্যাসৰ জমা ধনৰ ওপৰত উল্লেখিত এই সকলৰহে নিয়ন্ত্ৰণ আছে । ন্যাসৰ বাবে অনুদান বিচাৰি প্ৰধানমন্ত্ৰী, জ্যেষ্ঠমন্ত্ৰীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ জনপ্ৰিয় ব্যক্তিসকলেও দেশবাসীলৈ আহ্বান জনাইছিল ।

ন্যাসত উদ্যোগপতিসকলৰ পৰা আৰম্ভ কৰি বহু বিশিষ্ট ব্যক্তিয়ে অনুদান আগবঢ়াইছে । উল্লেখ্য যে ন্যাসৰ প্ৰায় দুমাহলৈ এনেদৰেই অনুদান আগবঢ়োৱাৰ পাছত ২৬ মে’ত প।প্ৰথমবাৰলৈ বিভিন্ন অভিযোগ উত্থাপন হ’বলৈ আৰম্ভ কৰে ।

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদম্বৰমে এই সন্দৰ্ভত যোৱা ২০ আগষ্টত টুইট কৰি প্ৰশ্ন উত্থাপন কৰিছিল; কিন্তু পি এম কেয়াৰ্ছ প্ৰকৃততে ৰাজহুৱা নে ব্যক্তিগত ন্যাস । এই সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ এতিয়াও অৱসান হ’বলৈ বাকী ।

Exit mobile version