ভাৰতত ক’ভিড-১৯ আক্ৰান্তৰ সুস্থতাৰ সংখ্যা প্ৰায় ৯০.৫০ লাখ

coronavirus in delhi 1605200711

বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯.৫ মিলিয়নো অতিক্ৰম কৰিলে । মন্ত্ৰণালয়ৰ ডেচব’ৰ্ডে দিয়া তথ্য অনুসৰি, ইয়াৰ ভিতৰত ৯,৪৮৯,৭৪০ বা ৯৫ শতাংশ লোকেই সুস্থ হৈছে । সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষও অতিমাৰীৰ স’তে যুঁজি আছে, বিশ্বস্তৰত সুস্থতাৰ হাৰ সৰ্বোচ্চ হিচাপে কেনেদৰে বিবেচনা কৰা হয় তাৰ ওপৰত কেন্দ্ৰই সঘনে জোৰ দি আছিল  । ক’ভিড আক্ৰান্তৰ তালিকাত ভাৰত দ্বিতীয় স্থানত আছে ।

মাৰ্কিন যুক্তৰাষ্ট্ৰত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১৭ মিলিয়ন । ৱৰ্ল্ডমিটাৰ’ছ টেলি অনুসৰি, মাৰ্কিন যুক্তৰাষ্ট্ৰই একমাত্ৰ ৰাষ্ট্ৰ যিয়ে ১০ মিলিয়ন আক্ৰান্তৰ হাৰ অতিক্ৰম কৰিছে । ইয়াৰ লগতে প্ৰায় ৫৮.৫০ শতাংশ লোক সুস্থও হৈছে । মাৰ্কিন যুক্তৰাষ্ট্ৰই বৰ্তমান ফাইজাৰ/বায়’এনটেক এছ ই ক’ভিড-১৯ ভেকচিনৰ প্ৰয়োগ কৰিছে সেয়েহে আগন্তুক দিনত সুস্থতাৰ হাৰ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ।

সাত মিলিয়ন অতিক্ৰম কৰি ক’ভিড আক্ৰান্তৰ তালিকাত ব্ৰাজিল হৈ পৰিছে তৃতীয় স্থানত । স্বাস্থ্য‌ মন্ত্ৰণালয়ৰ অনুসৰি, বিগত ২৪ ঘণ্টাত ব্ৰাজিলত নতুনকৈ ৭০,৫৭৪ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । দেশখনত মুঠ ৬.১ মিলিয়ন লোক সুস্থ হৈ সুস্থতাৰ হাৰ হৈ পৰিছে ৮৬ শতাংশ । ক’ভিড আক্ৰান্তৰ তালিকাত চতুৰ্থ স্থানত আছে বিশ্বৰ আটাইতকৈ বৃহৎ দেশ ৰাছিয়া । ৱৰ্ল্ডমিটাৰ’ছ টেলি অনুসৰি, ৰাছিয়াত মুঠ ২.৭ মিলিয়ন লোক ক’ভিডত আক্ৰান্ত হৈছে ।

প্ৰায় ২.২ মিলিয়ন লোক সুস্থ হৈ সুস্থতাৰ হাৰ হৈছে ৭৯.৬০ শতাংশ । ৰাছিয়াই বিশ্বৰ প্ৰথম যিয়ে পুন-প্ৰথমে আগষ্টত ক’ভিড-১৯ৰ ভেকচিন ‘স্পুটনিক ভি’ৰ পঞ্জীয়ন কৰিছিল । ৱৰ্ল্ডমিটাৰ’ছৰ অনুসৰি, ২.৪ মিলিয়ন আক্ৰান্তৰে ফ্ৰান্স হৈ পৰিছে বিশ্বৰ পঞ্চম স্থানৰ ক’ভিড আক্ৰান্ত দেশ । টেলি অনুসৰি, ফ্ৰান্সত কেৱল ১৮০,০০০ জন লোক সুস্থ হৈছে । নিকৃষ্টতম  সুস্থতাৰ হাৰেৰে দেশখনত মুঠ সুস্থতাৰ হাৰ হৈ পৰিছে ৭.৫০ শতাংশ ।

Exit mobile version