৫০তম বিজয় দিৱস উপলক্ষে বুধবাৰে দিল্লীৰ নেচনেল ৱাৰ মেমৰিয়েল ত উপস্থিত থাকি ১৯৭১ ৰ যুদ্ধৰ শ্বহীদ ভাৰতীয় সেনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বাংলাদেশৰ মুখ্যমন্ত্ৰী শেখ হাচিনা। অনুষ্ঠানত মুক্তিযোদ্ধা আৰু বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি শেখ মুজিবুৰ ৰহমানৰ এখন স্মাৰক ডাক টিকট প্ৰকাশ কৰে। মহাত্মা গান্ধী আৰু মুজিবুৰ ৰহমানক লৈ নিৰ্মিত ‘বাপু-বঙ্গবন্ধু ডিজিটেল প্ৰদৰ্শনী’ৰো উদ্বোধন কৰে দুয়ো গৰাকী মন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মহাত্মা আৰু বঙ্গবন্ধু আমাৰ যুৱসমাজৰ অনুপ্ৰেৰণা।’ ইয়াৰ পাছত চিলাহাতী-হলদিবাৰী ৰে’ল যোগাযোগ প্ৰকল্পৰ বিষয়েও তেওঁলোকে আলোচনা কৰে । এই প্ৰকল্প কাৰ্যকৰী হ’লে উত্তৰ বংগৰ স’তে বাংলাদেশৰ যোগাযোগ সহজ হৈ পৰিব । স্বাধীনতাৰ পূৰ্বে এই পথত ৰে’লৰ যোগাযোগ থাকিলেও ১৯৬৫ৰ ভাৰত পাক যুদ্ধৰ সময়ত এই ৰে’ল সেৱা বন্ধ হৈ গৈছিল।
বিগত বৰ্ষত নাগৰিকত্ব সংশোধনী আইন আৰম্ভ হোৱাৰ পাছতে দুই দেশৰ সম্পৰ্কত বিভেদৰ সৃষ্টি হৈছিল । অনুপ্ৰৱেশ বিতৰ্কৰ পাছতে কৰ’না অতিমাৰীৰ বাবে ভাৰতে পিয়াঁজৰ ৰপ্তানি বন্ধ কৰাত ক্ষোভ প্ৰকাশ কৰে ঢাকাই । উল্লেখযোগ্য যে মোদী আৰু হাচিনাই বৃহস্পতিবাৰে তথ্যপ্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক চুক্তিটো স্বাক্ষৰ কৰে।
আনহাতে বাংলাদেশ ভ্ৰমণত ভাৰতীয় প্ৰতিনিধি দলৰ উপস্থিতিত ঢাকাৰ ৰাষ্ট্ৰীয় অতিথি ভৱন ‘পদ্মা’ত বাণিজ্য, কৃষি, হাইড্রোকার্বন আৰু সীমান্তত হাতী চলাচলৰ কৰিড’ৰৰ সুৰক্ষাৰ সংক্ৰান্তত সাতটা চুক্তি স্বাক্ষৰ কৰা হয়। ঢাকাৰ ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম দুৰাইস্বামী ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত আছিল ।






























