কলগাছিয়াৰ লাংলা বজাৰত তিনি ছাগলী চোৰ আটক

e3120578 b7f2 49a0 bb72 95245cd84ba5

বিলাসী গাড়ীৰে চুৰি কৰিছিল পাঁচটাকৈ ছাগলী। ৰাইজে উত্তম মাধ্যম শোধাই গতাই দিলে আৰক্ষীক। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলা সাপ্তাহিক বজাৰত আজি তিনিটাকৈ ছাগলী চোৰ ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে। ঘটনাই লাংলা বজাৰ এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে, তিনিজনকৈ চোৰে এছ ১৯ ৮৯৭৪ নম্বৰৰ এখন মাৰুতি ভি আই পি গাড়ীৰে বৰপেটা ৰোডৰ মৈৰাঝাৰৰ পৰা পাঁচটাকৈ ছাগলী চুৰি কৰি কলগাছিয়াৰ লাংলা বজাৰত বিক্ৰীৰ বাবে লৈ আহি ৰাইজৰ হাতত ধৰা পৰে।

চোৰ তিনিজন ক্ৰমে বৰপেটা ৰোডৰ খইৰাবাৰী গাঁৱৰ শাকিবুল হুছেইন, বৰপেটা ৰোডৰ আমিনুল ইছলাম আৰু গোৱৰ্ধনা গাঁৱৰ ছাহাজামাল বুলি জানিব পৰা গৈছে। চোৰ তিনিজনক ছাগলী সঁহ আটক কৰি লাংলা বজাৰতে ৰাইজে ৰচিৰে বান্ধি ৰখাৰ লগতে উত্তম মাধ্যম শোধাই বৰভিটা আৰক্ষী চকীৰ আৰক্ষীক গতাই দিয়ে।

Exit mobile version