শুকুৰবাৰে নিশা হঠাতে প্ৰমোদ বড়ো দৌৰি আহিল মহানগৰীৰ হোটেল তাজ ভিভান্টালৈ।
কিছুসময়ৰ পাছতেই হোটেলত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
কিহৰ বাবে এই বৈঠক। ইয়াকে লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে।
আজি উচ্চ ন্যায়ালয়ে BTC সন্দৰ্ভত স্থিতাৱস্থা জাৰি কৰাৰ পাছতে দুয়ো বিশেষ মন্ত্ৰণাৰ বাবে এইদৰে তাজত বৈঠকত বহা বুলি চৰ্চা হৈছে।
ইফালে হোটেল লিলিত সকলো পাৰিষদ থকাৰ পাছত আজি হোটেল তাজত এনেদৰে দুয়োগৰাকী নেতা বহা ঘটনাই বিশেষ তাতপৰ্য বহন কৰিছে।
বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে UPPL আৰু BJP, GSPয়ে ৰ অসাংবিধানিক পন্থা অৱলম্বনেৰে ক্ষমতা দখল কৰা বুলি অভিযোগ তুলি উচ্চ ন্যায়ালয়ত তৰিছিল গোচৰ।
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতহে BTCৰ নতুন পৰিষদৰ দুই কাণ্ডাৰীয়ে লিলি হোটেল এৰি তাজত কেনে কৌশল ৰচনা কৰে তাৰ প্ৰতি সকলোৰে দৃষ্টি ৰাখিছে।