কলগাছিয়াত কাঠৰ দলং নিৰ্মাণৰ নামত ১৭ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ

WhatsApp Image 2020 12 19 at 6.18.19 PM

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দাৱনদিয়া গাঁৱৰ মৰা মানাহ নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণ কৰিবলৈ তদানীন্তন বৰপেটাৰ সাংসদ সিৰাজ উদ্দিন আজমলে ২০১৬-১৭ বৰ্ষত পাঁচ লাখ টকা আৱন্টন দিছিল যদিও নিৰ্মাণ কমিটিয়ে অধিকাংশ টকা আত্মসাৎ কৰে ।

২০১৮-১৯ত সামান্য কাম কৰাৰ লগতে উক্ত দলঙত ফুট ব্ৰিজ নিৰ্মাণৰ বাবদ পুনৰ এমপিএলএডিৰ ফাণ্ডৰ পৰা ১৭ লাখ টকা আৱন্টন দিয়ে। কিন্তু ১৭ লাখ টকাৰ ভিতৰত এটকাৰো কাম নকৰাকৈ দলং নিৰ্মাণ কমিটিয়ে সম্পূৰ্ণ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

সেয়েহে শুকুৰবাৰে দাৱনদিয়াত উক্ত দলং নিৰ্মাণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে দাৱনদিয়া আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু দুই শতাধিক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দুৰ্নীতিগ্ৰস্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

শীঘ্ৰে দলং নিৰ্মাণ কমিটিৰ লগতে দুৰ্নীতিগ্ৰস্তক শাস্তি প্ৰদান নকৰিলে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰিছে দাৱনদিয়া আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম আৰু প্ৰতিবাদকাৰীসকলে।

Exit mobile version