কাশ্মীৰ-লাডাখত শীতপ্ৰবাহ

Chillai Kalan Record Breaking Cold Weather Hits Kashmir 1

কাশ্মীৰ আৰু লাডাখত প্ৰবল শীতপ্ৰবাহ আৰম্ভ হৈছে । লাডাখত সৰ্বনিম্ন তাপমাত্ৰা হৈছে মাইনাছ ১৬.৬ ডিগ্ৰী চেলচিয়াছ । কাৰ্গিলৰ তাপমাত্ৰা হৈছে মাইনাছ ২১.১ ডিগ্ৰী চেলচিয়াছ আৰু দ্বিতীয় শীতলতম অঞ্চল দ্ৰাসত তাপমাত্ৰা হৈছে মাইনাছ ২৯ ডিগ্ৰী চেলচিয়াছ ।

বিগত কিছুদিন ধৰি ভূস্বৰ্গত যি শীতপ্ৰবাহ আৰম্ভ হৈছে কাশ্মীৰ আৰু লাডাখবাসীয়ে এইবাৰ শীতৰ চৰম অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা আছে । বৰ্তমান শ্ৰীনগৰৰ তাপমাত্ৰা হৈছে ৬.৬ ডিগ্ৰী চেলচিয়াছ ।

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ গুলমাৰ্গত বৰ্তমান তাপমাত্ৰা হৈছে ৯.৯ ডিগ্ৰী চেলচিয়াছ । চাৰিবাৰ তুষাৰপাতৰো সৃষ্টি হৈছে গুলমাৰ্গত ।

সাধাৰণতে কাশ্মীৰৰ এই প্ৰবল শীতপ্ৰবাহক ‘চিল্লাই কালান’ নামে অভিহিত কৰা হয় । কাশ্মীৰ যেতিয়া বগা বৰফৰ চাদৰেৰে ঢাক খাই থাকে তেতিয়াই কাশ্মীৰৰ জনজীৱন স্তব্ধ হৈ পৰে । প্ৰায় ৪০ দিনলৈ অব্যাহত থাকে শীতৰ এই তাণ্ডৱ । ২১ ডিচেম্বৰৰ পৰা এই পৰ্বৰ আৰম্ভণি হয়। কিন্তু ইয়াৰ পূৰ্বেই শীতে প্ৰবল তাণ্ডৱ আৰম্ভ কৰিছে ।

Exit mobile version