ধৰ্ষণৰ গােচৰত অভিযুক্ত তথা পলাতক ঘােষিত হােৱা স্বয়ম্ভ ঈশ্বৰ নিত্যানন্দই স্থাপন কৰা কৈলাস’ প্রদেশৰ বাবে ভিছা প্রদানৰ কথা ঘােষণা কৰিলে। উল্লেখ্য যে নিত্যানন্দই কৈলাস নামৰে এখন নতুন দেশ গঠন কৰাৰ কথা অলপতে ভিডিঅ’ বার্তাৰ জৰিয়তে দাবী কৰিছিল।শেহতীয়াভাৱে ভাইৰেল হােৱা আন এক ভিডিঅ’ত নিত্যানন্দই তেওঁৰ ভক্তসকলক উদ্দেশি কয় যে কৈলাসলৈ আহিবলৈ বিচৰা ব্যক্তিসকলে ভিছাৰ বাবে আবেদন জনাব পাৰিব।
এই ভিডিঅ’ত নিত্যানন্দই প্রকাশ কৰা মতে, কৈলাস ভ্রমণলৈ আহিব বিচৰা ব্যক্তিৰ বাবে ইতিমধ্যে চার্টার্ড বিমান সেৱা মুকলি কৰা হৈছে। নিত্যানন্দই লগতে কয় যে কৈলাস ভ্ৰমণ কৰিব বিচৰা ব্যক্তিক মাত্র তিনিদিনহে দেশখনত থকাৰ বাবে অনুমতি দিয়া হ’ব।নিত্যানন্দই কৈলাস ভ্ৰমণৰ বাবে প্রয়ােজনীয় পথ নির্দেশনাসহ মানচিত্রও ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰকৰিছে।
ভক্তসকলক প্রথমে বিমানযােগে অষ্ট্রেলিয়ালৈ আহিবলৈ আৰু তাৰ পৰা কৈলাসলৈ চার্টার্ড বিমান সেৱাৰ ব্যৱস্থা আছে বুলি ভিডিঅ’ত উল্লেখ কৰিছে। কৈলাস ভ্রমণকাৰী ভক্তসকলক শিৱ দৰ্শনৰ বিৰল সুযােগ প্রদান কৰা হ’ব বুলিও স্বয়ম্ভু ঈশ্বৰৰূপী নিত্যানন্দই দাবী কৰিছে। উল্লেখ্য যে ধৰ্ষণৰ গােচৰত অভিযুক্ত নিত্যানন্দই যােৱা বছৰত ভাৰতৰ পৰা পলায়ন কৰি কৈলাস সাম্রাজ্য প্রতিষ্ঠা কৰাৰ কথা ঘােষণা কৰিছিল। কৈলাসত নিজা মুদ্রা, ৰিজাৰ্ভ বেংক আৰু অন্যান্য সকললা সা-সুবিধা থকা বুলিও তেওঁ দাবী কৰিছিল।