ভাৰতীয় বংশোদ্ভূত বেদান্তক প্ৰেছ সচিব হিচাপে নিযুক্তি দিলে ভাবী ৰাষ্ট্ৰপতি জ’ বাইডেনে

jpg

ভাৰতীয় বংশোদ্ভূত বেদান্ত পেটেলক হোৱাইট হাউচৰ সহকাৰী প্ৰেছ সচিব পদত নিযুক্ত কৰিলে আমেৰিকাৰ ভাবী ৰাষ্ট্ৰপতি জ’ বাইডেনে । আৰম্ভণিৰ পৰাই বাইডেনৰ দলৰ মুখ্য মুখপাত্ৰ আছিল বেদান্ত । ‘ৰেজিঅ’নেল কমিউনিকেচন ডিৰেক্টৰ’ হিচাপে কাম কৰিছিল তেওঁ । ইয়াৰ পূৰ্বে বেদান্তই ভাৰতীয় বংশোদ্ভূত কংগ্ৰেছৰ সদস্য পামেলা জয়পালৰ প্ৰচাৰ সচিব হিচাপে কাম কৰিছিল । তেওঁ মাইক হণ্ডাৰো প্ৰেছ সচিব আছিল ।

বেদান্তই জন্ম গ্ৰহণ কৰে ভাৰতত । পাছত তেওঁ কেলিফ’ৰ্ণিয়ালৈ ৰাওনা কৰে । কেলিফ’ৰ্ণিয়া‌ বিশ্ববিদ্যালয় আৰু ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা আহৰণ কৰে । টিম বাইডেনৰ প্ৰৱেশৰ পূৰ্বে তেওঁ ‘ডেম’ক্ৰেতিক নেচনেল ৱেষ্টাৰ্ণ কমিটি’ৰ ৰেজিঅ’নেল প্ৰেছ সচিব আছিল ।

Exit mobile version