শালবাৰীত দুখনকৈ বিদ্যালয়ত অগ্নি সংযোগ দুস্কৃতিকাৰীৰ

0e358846 da35 4977 8eda 2c6658b34556 2

বাক্সা জিলাৰ শালবাৰীৰ শংকৰদেৱ শিশু নিকেতন কালপানী আৰু বডোফা একাডেমী নামৰ দুখনকৈ বিদ্যালয়ত শুকুৰবাৰে নিশা দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে ৷ নিশা আঠ আৰু ১০ বজাত কালপানী শংকৰদেৱ শিশু নিকেতনত দুবাৰকৈ অগ্নি সংযোগ কৰে দুষ্কৃতিকাৰীয়ে ৷

অগ্নিসংযোগৰ ফলত নিকেতনখনৰ যথেষ্ট ক্ষতিসাধন হয়৷ একেদৰে দুঘণ্টা পিছত কালপানী বজাৰৰ সমীপতে থকা ব্যক্তিগত শিক্ষানুষ্ঠান বডোফা একাডেমীতো অগ্নি সংযোগ কৰে দুষ্কৃতিকাৰীয়ে ৷ কালপানী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য ভোলাৰাম নাথে ঘটনাৰ সন্দৰ্ভত কয় “শিক্ষানুষ্ঠানৰ দৰে পবিত্ৰ অনুষ্ঠানত দুষ্কৃতিকাৰীয়ে যি অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰিলে সেইয়া অতিকৈ পৰিতাপৰ কথা আৰু এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ৷ ৷”

একেদৰে বডোফা একাডেমীৰ প্ৰধান শিক্ষক চন্দন মুছাহাৰীয়ে ঘটনাটোক গৰিহণা দি বডোফা একাডেমীৰ কিতাপপত্ৰ, ছাত্ৰ ছাত্ৰীৰ মজুত থকা ইউনিফৰ্ম আদিকে ধৰি মুঠ দুইলাখ টকাৰ সা-সামগ্ৰী জুইত জাহ যায় বুলি জানিবলৈ দিয়ে৷ ইতিমধ্যে দুয়োখন বিদ্যালয়ৰ কৰ্তৃপক্ষই পৃথকে পৃথকে বাহঁবাৰী উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰি ঘটনাত জড়িত লোকৰ উচিত শাস্তি বিচাৰিছে৷

Exit mobile version