শিৱসাগৰত এখন উদ্ভট অভিবৰ্তন হ’ল য’ত লুৰিণজ্যোতিয়ে নিজেই বিয়াৰ দ’ৰা-কন্যা হৈছে :হিমন্ত

Screenshot 138

প্ৰয়োজন নাই যেতিয়া হাগ্ৰামাক লগ কৰাৰ কি প্ৰয়োজন আছে-হিমন্ত

‘লুৰীণজ্যোতি গগৈয়ে নতুন দল গঠন কৰিব বুলি প্ৰেছ মিট তেওঁলোকেই দিছে । তেওঁ নিজেই সভাপতি হৈছে । দৰাও তেওঁ ,কইনাও তেওঁ , নিজেই খোৱা বিতৰণ কৰিছে। নিজেই কইনা লৈ ঘৰত গৈছে ।এইটো শিৱসাগৰত এটা উদ্ভূত অভিৱৰ্তন হ’ল । ‘ অলপতে AJP ত যোগদান কৰা সদ্য প্ৰাক্তন আছু নেতা লুৰীণজ্যোতি গগৈক সমালোচনা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এইদৰে কয়।

তদুপৰি তেওঁ কয়, ‘আছুক ৰাজনীতিকৰণ কৰাটো সম্পূৰ্ণ ভুল । এতিয়া সদৌ অসম ছাত্ৰ সন্থাই যেতিয়া আমাক ক’লা পতাকা দেখুওৱাব তেতিয়া আমাৰ যুৱ মৰ্চাৰো তেওঁলোকক ক’লা পতাকা দেখুৱাৰ অধিকাৰ থাকিব । এইটো দুটা ৰাজনৈতিক দলৰ মাজত হ’ব । আছুক ৰাজনীতিকৰণ কৰাটো অসমৰ জাতীয় জীৱনৰ বাবে অন্যয় হ’ল ।’

লগতে তেওঁ কয় যে, হোটেল তাজ বিভান্তাত তেওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক লগ কৰিব গৈছিলো । ‘২০২১ত হাগ্ৰামা মহিলাৰীৰ স’তে চৰকাৰ‌ গঠন নকৰো যেতিয়া মহিলাৰীক লগ কৰাৰো প্ৰয়োজন নাই ।’ এই ভাষ্য মন্ত্ৰী শৰ্মাৰ।

Exit mobile version