বৰদিন আৰু নৱবৰ্ষ কাষ চাপি অহাৰ লগে লগে ইটালী পুনৰ লকডাউনৰ পথত অতিক্ৰম কৰিছে ।
প্ৰধানমন্ত্ৰী জুছেপে ক’ণ্টে কয়, ‘এইটো সহজ সিদ্ধান্ত নহয় । কিন্তু, বিশেষজ্ঞসকলে সতৰ্কবাণী দিছে যে, এই সময়ত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে সংক্ৰমণ এবাৰতে অধিক বৃদ্ধি পাব । সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’
চলিত মাহৰ শেষৰ ফালে ইটালীত ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হ’ব । কিন্তু ইয়াৰ পূৰ্বেই উৎসৱৰ বতৰত শংকাকুল পৰিৱেশৰ সৃষ্টি কৰিব বিচৰা নাই ইটালী চৰকাৰে । কাণ্টে কয়, ‘ভেক্সিনেচন কাৰ্যসূচী আৰম্ভ হ’লেই এই দুঃস্বপ্নৰ দিন শেষ হ’ব ।’
লগতে তেওঁ কয় যে, সম্প্ৰতি তিনি পৰ্যায়ৰ লকডাউন ঘোষণা কৰা হৈছে । নিষেধাজ্ঞা জাৰি থাকিব ২৪-২৭ ডিচেম্বৰ, ৩১ ডিচেম্বৰৰ পৰা তিনি জানুৱাৰী আৰু পাঁচ-ছয় জানুৱাৰী লৈকে । এই সময়ত প্ৰয়োজন সাপেক্ষেহে গৃহৰ বাহিৰত ওলাব পাৰিব দেশবাসী । উৎসৱ পালনৰ বাবে দুজনতকৈ অধিক লোকক আমন্ত্ৰণ দিব নোৱাৰিব গৃহত । তেওঁলোকৰ বয়স অৱশ্যে ১৪ বছৰৰ উৰ্দ্ধত হ’ব লাগিব । কাৰ্ফিউ অব্যাহত থাকিব নিশা ১০ বজাৰ পৰা পুৱা পাঁচ বজালৈকে ।
কান্তে জনায় যে, ২৮-৩০ ডিচেম্বৰ আৰু চাৰি জানুৱাৰীত নিষেধাজ্ঞা কিছু শিথিল কৰা হ’ব । সেই সময়ত গৃহৰ বাহিৰত যাব পাৰিব দেশবাসী কিন্তু ৰেষ্টোৰা, বাৰ বন্ধ থাকিব ।
ইটালীৰ লগতে বৰদিন উপলক্ষে জাৰ্মানী, নেদাৰলেণ্ডসহ বহুকেইখন ইউৰোপীয় দেশে সংক্ৰমণ ৰোধ কৰিবৰ বাবে লকডাউনৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।
ক’ভিড-১৯ অতিমাৰিৰ ফলত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ইটালীত । প্ৰায় ৬৮ হেজাৰ লোকে প্ৰাণ হেৰুৱাইছে ইটালীত ।