চৰকাৰ ভংগ কৰাৰ আহ্বান নেপালৰ প্ৰধানমন্ত্ৰী‌ কে পি অলিৰ

OLI 1

নেপালৰ প্ৰধানমন্ত্ৰী‌ কে পি অলিয়ে শনিবাৰে দলৰ শীৰ্ষ নেতাসকলৰ স’তে বিভিন্ন পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ পাছত আজি পুৱা মন্ত্ৰী পৰিষদৰ স’তে জৰুৰী বৈঠকত মিলিত হয় । সেই বৈঠকত তেওঁ জনায় যে, তেওঁ সংখ্যাগৰিষ্ঠতাত অসফল হৈছে । সেয়েহে সম্প্ৰতি চৰকাৰ ভংগ কৰি দিয়া যাওক।

নেপাল কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ সদস্য বিষ্ণু ৰিজালে কয়, ‘প্ৰধানমন্ত্ৰী সংখ্যাগৰিষ্ঠতাত হাৰিছে । চৰকাৰ ভংগ কৰাৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী অলিয়ে ।’

সূত্ৰ অনুসৰি, সংবিধান পৰিষদীয় আইনৰ অধ্যাদেশৰ বিষয়টো লৈ ক্ৰমাগত চাপ বৃদ্ধি পাইছিল অলিৰ ওপৰত । যোৱা মংগলবাৰে ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভণ্ডাৰিৰ পৰা স্বাক্ষৰ কৰাই লৈছিল তেওঁ । ইয়াৰ ওপৰিও কিছুমান সিদ্ধান্ত লৈ তেওঁৰ বিৰুদ্ধে অসন্তুষ্টিৰ সৃষ্টি হৈছিল ।

কৰ’না অতিমাৰীৰ ফলত দেশৰ অৰ্থনীতি সংক্ৰান্ত বিষয়ত নেপালৰ ৰাজনীতিত প্ৰভাৱ পৰিছিল । চৰকাৰে এই সমস্যাসমূহৰ সমাধান‌ কৰিব পৰা নাই বুলি চাপৰ সৃষ্টি কৰিছিল বিৰোধী দলসমূহে ।

নেপাল‌ কমিউনিষ্ট পাৰ্টিৰ নেতা মাধৱে কয়, ‘সংসদ ভংগ কৰা সিদ্ধান্তটো অসাংবিধানিক । এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা উচিত ।’

Exit mobile version