১৯৯২ চনৰ জুন মাহত ব্রহ্মপুত্র নদীৰ বান গৰাখহনীয়াত বিলিন হৈ যােৱা শদিয়া বিধানসভা সমষ্টিৰ গাখীৰভেটি গাওঁ পঞ্চায়ত অন্তর্গত কাইটীয়া গাৱঁৰ ১২ টা ভূমিহীন পৰিয়ালে বিগত ২৮ টা বছৰে সংস্থাপন নাপালে ।গৰাখহনীয়াত সর্বস্ব হেৰুৱাই শ্ৰমদানৰ টকাৰে এক নং কর্দৈগুৰি গাৱঁত এবিঘা মাটি ক্রয় কৰি বাঁহৰ বেৰা দিয়া ঘৰ সাজি বানাক্ৰান্ত ভূমিহীন পৰিয়ালকেইটাই যমৰ যন্ত্ৰণাত জীৱন কটাব লগীয়া হৈছে। সচেতন লােকে ভূমিহীন পৰিয়ালকেইটাৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি নিজকে উপায়হীন অনুভৱ কৰিব লগা হৈছে।
নিজৰ হাততে সকলাে ক্ষমতা থকা হলে এতিয়াই দুর্গত পৰিয়ালকেইটাক সংস্থাপনৰ ব্যৱস্থা কৰি দিবলৈ পাৰিলােহেতেন বুলি সচেতন লােকসকলে মত প্রকাশ কৰিছে। বর্তমানৰ চৰকাৰে কাইটীয়া গাৱঁৰ এইসকল ভূমিহীন পৰিয়ালক পুণৰ সংস্থাপনৰ কোনাে ব্যৱস্থাই নকৰিলে। যি আজি দুপৰীয়া ডুমডুমা আৰু ৰূপাই এলেকাৰ পুৰুষ মহিলা উভয়ে সজাতি এটা দলে আশ্রয় শিবিৰটোত উপস্থিত হৈ কাইটীয়া গাৱঁৰ দুৰ্গত পৰিয়ালকেইটাক অন্ন, বস্ত্র, পঢ়াশুনাৰ সামগ্রীকে আদি কৰি নিত্য প্রয়ােজনীয় সামগ্রী প্রদান কৰি স্বাস্থ্যৰ বুজ লয়।
সজাতি দলটোত ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা চাহিদা চেমিম জাহান, যুৱ-ছাত্ৰৰ প্ৰাক্তন নেতা তমাল গুপ্ত, বিজিৎ সন্দিকৈ, অনন্ত সন্দিকৈ, কল্পজ্যোতি কোঁৱৰ, বেদান্ত বৰুৱা, সঞ্জয় যাদৱ, সঞ্জীৱ সন্দিকৈ, নিতুৰণ গগৈ, বিকাশ মৰাণ আৰু যুৱ-ছাত্ৰৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ প্ৰাক্তন নেত্রী বিশ্বৰূপ নেওগ মৰাণ আৰু লিলি হাজৰিকা। দুর্গত পৰিয়ালকেইটাক অন্ন বস্ত্র প্রদান কৰি সজাতি দলটোৱে ভবিষ্যতেও কাইটীয়া গাৱঁৰ পৰিয়ালকেইটাৰ কাষত থাকিব বুলি কথা দিয়ে।
আনহাতে বান গৰাখহনীয়াত সর্বস্ব হেৰুৱাই ভূমিহীন হৈ কাইটীয়া গাৱঁৰ এই বাটা পৰিয়ালে এতিয়া দিন হাজিৰা কৰি পৰিয়াল পােহপাল দিব লগা হৈছে। অথচ এইসকল ভূমিহীন লােকৰ দান বৰঙনিৰ টকাৰে ক্ৰয় কৰা উক্ত এবিঘা মাটিৰ এচুকত কাইটীয়া গাৱঁৰ পৰিচয় ধৰি ৰাখিবলৈ বানাক্ৰান্তই স্বজ্ঞানে চৰকাৰী কাইটীয়া প্রাথমিক বিদ্যালয়খন স্থাপনৰ বাৱে মাটি প্ৰদান কৰাৰ নির্দশন দাঙি ধৰিছে। সন্মুখত কাইটীয়া প্রাথমিক বিদ্যালয় তাৰ পাছফালে কাইটীয়া গাৱঁৰ উক্ত বাটা ভূমিহীন পৰিয়ালে ২৮ টা বছৰ ধৰি পুণৰ সংস্থাপনৰ আশাপালি চৰকাৰ তথা আমােলা বিষয়া আৰু জনপ্রতিনিধিলৈ আশাৰে বাট চাই আছে। কিন্তু জনপ্রতিনিধি কিম্বা চৰকাৰ আমােলা বিষয়াই কাইটীয়া গাৱঁৰ এই বাৰটা ভূমিহীন পৰিয়ালক ২৮ টা বছৰে পুণৰ সংস্থাপন দিবলৈ সক্ষম নহ’ল৷