চীনত অভিনৱ ফেশ্বন উইক : ৰেম্প উত্তাল কৰিলে পি পি ই কিট পৰিধান কৰা মডেলে

WhatsApp Image 2020 12 09 at 8.41.53 PM

ৰং- বিৰঙৰ পােছাক পৰিধান কৰি ফেশ্বন শ্ব’ৰ কথা প্রায় সকলােৱে জানে। বৰ বিশেষ নহ’লেও ফেশ্বন শ্ব’ৰ অনুষ্ঠান টেলিভিছনত দেখিলে কিছু সময়ৰ বাবে হলেও দৃষ্টি স্থিৰ হয়। ৰেম্পত বিচৰণ কৰা মডেলৰ শৰীৰত থকা একো এটা বাদ পৰি নৰয় এই দর্শনকাৰীসকলৰ দৃষ্টিত। কৰনাৰ পূৰ্বৱর্তী সময়ত এয়া আছিল অতিকৈ স্বাভাৱিক ঘটনা; কিন্তু কৰনাৰ প্ৰভাৱত এতিয়া প্রায় সমগ্র বিশ্বই পৰিৱর্তনৰ পথত আগবাঢ়িছে।

নতুন ব্যৱস্থাক লৈ সম্প্রতি বিশ্ববাসীও অভ্যস্ত হৈ পৰিছে। এনে পৰিস্থিতিত অভিনৱ ফেশ্বন শ্ব’ৰ আয়ােজন কৰি সকলােৰে দৃষ্টি সকলােৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে কৰনাৰ উৎপত্তিস্থল চীনে। সম্প্রত চীনত ডেংডং ফেশ্বন উইক অনুষ্ঠিত হৈ আছে। এই ফেশ্বন শ্বত বহু মডেলে অংশ লৈছে; কিন্তু ৰংচঙীয়া পােছাক পৰিধান কৰি ৰেম্প উত্তাল কৰি তুলা নাছিল মডেলসকলে। আমি ভবাতকৈ সম্পূর্ণ পৃথক আছিল এই ফেশ্বন শ্ব’খন।

সাম্প্রতিক সময়ৰ ফেশ্বন শ্ব’ৰে একেবাৰেই মিল নাছিল ডেংডং ফেশ্বন ইউকৰ। সকলােকে আশ্চর্যচকিত কৰি মডেলসকলে পৰিধান কৰিছিল পি পি ই কিট। পাৰ্ছনেল প্রটেক্টিভ ইকুইপমেন্ট কিট পৰিধান কৰি মডেলসকলে উত্তাল কৰাৰ চেষ্টা কৰিছিল ৰেম্প। কৰ’না সংকটকালৰ প্রতি লক্ষ্য ৰাখি ফেশ্বন। উইকত বিভিন্ন ধৰণৰ পি পি ই কিট, মাস্ক, ফেচশ্বিল্ড আদিৰ প্রদর্শন কৰাত অধিক গুৰুত্ব দিয়া হয় ।

ব্যতিক্রমী ধৰণৰ এই ফেশ্বন শ্ব’খনে সম্প্রতি ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰচাৰ লাভ কৰিছে। ফেশ্বন সম্পৰ্কত সচেতন লােকসকলেও ডেংডং ফেশ্বন উইকক লৈ। গুৰুত্বসহকাৰে আলােচনা কৰিছে। যথেষ্টভাৱে উপকৃত হৈছে পি পি ই কিট প্রস্তুতকাৰী প্রতিষ্ঠানবিলাকো। ফেশ্বন শ্ব’ৰ মাধ্যমত ব্যৱসায়াে যথেষ্ট ভাল হৈছে এনে প্রতিষ্ঠানবিলাকৰ। এই ফেশ্বন উইকৰ দ্বাৰা চিকিৎসা ক্ষেত্ৰৰে জড়িত নােহােৱাসকলেও পি পি ই কিটৰ প্ৰেমত পৰিছে। ফলত কৰ’না স্বাস্থ্য বিধিৰে জড়িত ব্যৱসায়ীসকলে মন্দাৱস্থাৰ মাজতাে আশাৰ বার্তা দেখিবলৈ পাইছে।

Exit mobile version